মৰিগাঁৱত পথ চক্ৰৰ উদ্যোগত স্বাধীনতা অমৃত মহোৎসৱ উদযাপন , মৰিগাঁৱৰ বিহুতলিত লোক নিৰ্মান বিভাগৰ ব্যাপক কাৰ্যসূচী

222

মৰিগাঁৱত পথ চক্ৰৰ উদ্যোগত স্বাধীনতা অমৃত মহোৎসৱ উদযাপন , মৰিগাঁৱৰ বিহুতলিত লোক নিৰ্মান বিভাগৰ ব্যাপক কাৰ্যসূচী

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৯ আগষ্ট : সমগ্ৰ দেশজুৰি স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তী স্বাধীনতা অমৃত মহোৎসৱ উদযাপন কৰাৰ সমান্তৰালকৈ মৰিগাঁৱতো আজি স্বাধীনতা অমৃত মহোৎসৱ ব্যাপক কাৰ্যসূচীৰে উদযাপন কৰা হয় । মৰিগাঁও চহৰৰ বিহুতলিত আজি দিনৰ ভাগত মৰিগাঁও পথ চক্ৰৰ উদ্যোগত আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত উদযাপন কৰা অনুষ্ঠানটোত জিলা খনৰ আন্ত:গাঁথনি উন্নয়নৰ ওপৰত এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয় । স্বাধীনতা অমৃত মহোৎসৱ উদযাপন উপলক্ষে অনুষ্ঠিত হোৱা আলোচনা চক্ৰত জিলা নৱনিযুক্ত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই অংশ গ্ৰহণ কৰি এই দিৱসৰ তৎপৰ্য ব্যাখ্যা কৰে । অনুষ্ঠানটোত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে অংশ গ্ৰহণ কৰাৰ লগতে মৰিগাঁও জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগুৰ লগতে সাহিত্যিক মিলেশ্বৰ পাতৰকে ধৰি মৰিগাঁও পথ চক্ৰ বিভাগৰ অধীক্ষক অভিযন্তা জগত চন্দ্ৰ দাসৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰি ভাষণ আগবঢ়ায় । মৰিগাঁও পথ চক্ৰৰ বিষয়ববীয়াৰ লগতে জিলা খনৰ বহু বিশিষ্ট ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ।