মৰিগাঁৱত প্ৰতিষ্ঠিত কণ্ঠশিল্পী , গীতিকাৰ, সুৰকাৰ আমৃনা জেৰিয়ানাৰ “অ’ মা” শীৰ্ষক গীত উন্মোচন , নতুন প্ৰজন্মৰ সংগীত শিল্পীয়ে অসমত এক নতুন ধাৰা গঢ়ি তুলিছে—প্ৰতাপ হাজৰিকা

4128

মৰিগাঁৱত প্ৰতিষ্ঠিত কণ্ঠশিল্পী , গীতিকাৰ, সুৰকাৰ আমৃনা জেৰিয়ানাৰ “অ’ মা” শীৰ্ষক গীত উন্মোচন , নতুন প্ৰজন্মৰ সংগীত শিল্পীয়ে অসমত এক নতুন ধাৰা গঢ়ি তুলিছে—প্ৰতাপ হাজৰিকা

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৫ ছেপ্তেম্বৰ : অসমৰ সংগীতজগত খনৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী তথা গীতিকাৰ,সুৰকাৰ আমৃনা জেৰিয়ানাই আজি মৰিগাঁৱত তেওঁৰ মাতৃ মৰিগাঁও বালিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰয়াত অধ্যক্ষা ৰৌছনা বেগমৰ স্মৃতিত “অ’ মা” শীৰ্ষক এটি গীত উন্মোচন কৰে । মৰিগাঁও চহৰস্থিত পবিতৰা হাট প্ৰেক্ষাগৃহত আজি দিনৰ ভাগত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে শুভ উদ্ধোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । অনুষ্ঠানটোত উদ্বোধনী ভাষণত সভাপতি প্ৰতাপ হাজৰিকাই কয় যে- সংগীতৰ আৱেদন সাৰ্বজনীন । প্ৰতিজন মানুহেই সুৰৰ মুৰ্চনাত আপ্লুত হয় । ভাৰতীয় সংগীতৰ গৌৰৱময় ঐতিহ্য থকাৰ লগতে অসমৰ লোকসংগীতৰ ব্যাপক পৰিধি আছে । মহাপুৰুষ শংকৰদেৱ , মাধৱদেৱৰ বৰগীত , ঘোষাৰে আমাৰ সংগীতৰ মন্দিৰ স্থাপন হৈছে । বিষ্ণু ৰাভা , জ্যোতিপ্ৰসাদ আগৰৱালাৰ সুৰৰ জিঞ্জিৰিয়ে অসমৰ সংগীতৰ ক্ষেত্ৰত খনক চহকী কৰিছে বুলি মন্তব্য প্ৰকাশ কৰাৰ উপৰিও তেওঁ ভাষণত অসমৰ লোক কলা-কৃষ্টি, প্ৰতিটো জনগোষ্ঠীৰ গীত-মাতেৰে আমি সমৃদ্ধ মত প্ৰকাশ কৰি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাকে প্ৰমূখ্য কৰি জুবিন গাৰ্গ , অংগৰাগ মহন্তৰ লগতে নতুন প্ৰজন্মৰ সংগীত শিল্পী সকলে অসমত এক নতুন ধাৰা গঢ়ি তুলিছে বুলি জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই অনুষ্ঠানটোৰ উদ্বোধনী ভাষণত মন্তব্য প্ৰকাশ কৰে । প্ৰতিষ্ঠিত শিল্পী গৰাকীৰ মাতৃৰ নামত উৎসৰ্গিত “অ’ মা” শীৰ্ষক গীতটি উন্মোচন কৰি মৰিগাঁও বালিকা ছোৱালী মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা লিপিকা বৰুৱাই নিজ বিদ্যালয়ত শিক্ষা দান কৰা মেধাবী ছাত্ৰী গৰাকীয়ে মাতৃৰ স্মৃতিক সোঁৱৰি অসমৰ জনপ্ৰিয় সংগীত শিল্পী ৰূপম তালুকদাৰ ব্যৱস্থাপনাত নিজৰ কথা , সুৰ আৰু কণ্ঠৰে সজাই তোলা গীতটি শুভ উন্মোচন কৰিবলৈ পায় গৌৰৱ অনুভৱ কৰিছোঁ বুলি উন্মোচনী ভাষণত উল্লেখ কৰে । সৰুৱে পৰা সকলো দিশতে আগবঢ়াৰ লগতে আমৃনা জেৰিয়ানা মৰিগাঁৱৰ সম্পদ বুলিও প্ৰাক্তন অধ্যক্ষা গৰাকীয়ে মন্তব্য আগবঢ়ায় । ইফালে , সংগীতজগতৰ প্ৰতিষ্ঠিত কণ্ঠশিল্পী আমৃনা জেৰিয়ানাৰ “অ’ মা” শীৰ্ষক গীতটি শুভ উন্মোচন অনুষ্ঠানত অসমৰ জনপ্ৰিয় সংগীত শিল্পী ৰূপম তালুকদাৰ , প্ৰযোজক প্ৰণৱজ্যোতি নেওগকে ধৰি সমাজকৰ্মী অশোক ডেকা , সাহিত্যক চন্দ্ৰ লেখা গোহাঁই লাহন , নুৰ মহম্মদৰ লগতে বহু কেইজন শিক্ষাগুৰুৱে শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে । আনহাতে , আজিৰে পৰা ইউটিউবত উপলব্ধ হোৱা সুন্দৰ কথা , সুৰ , সংগীতেৰে সংগীত প্ৰেমী ৰাইজলৈ আগবঢ়োৱা গীতটিৰ শুভ উন্মোচন অনুষ্ঠানত কণ্ঠশিল্পী আমৃতা জেৰিয়ানাই মনৰ ভাৱ ব্যক্ত কৰাৰ লগতে গীতটো অসমৰ সংগীত প্ৰেমী ৰাইজে মৰমেৰে আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰে । ইপিনে , আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ অজিত শৰ্মাৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি, স্থানীয় শিল্পীৰ লগতে শতাধিক সংগীত প্ৰেমী লোকে অংশগ্ৰহণ কৰে ।