মৰিগাঁৱত ৪ কোটি ৮০ লাখ টকাৰ মূল্য নিচাযুক্ত সামগ্ৰী দাহন , মৰিগাঁও জিলা কাৰাগাৰ খেলপথাৰত নিচাযুক্ত সামগ্ৰী দাহন কাৰ্যসূচীত মধ্য অসমৰ ডিআইজি ব্ৰজেনজিৎ সিনহাৰ অংশ গ্ৰহণ

203

মৰিগাঁৱত ৪ কোটি ৮০ লাখ টকাৰ মূল্য নিচাযুক্ত সামগ্ৰী দাহন , মৰিগাঁও জিলা কাৰাগাৰ খেলপথাৰত নিচাযুক্ত সামগ্ৰী দাহন কাৰ্যসূচীত মধ্য অসমৰ ডিআইজি ব্ৰজেনজিৎ সিনহাৰ অংশ গ্ৰহণ

মৰিগাঁও জিলাত নিচাযুক্ত সামগ্ৰী ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সহায় কৰিবলৈ জনসাধাৰণলৈ আহ্বান আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৯ ছেপ্তেম্বৰ : মৰিগাঁৱত ৪ কোটি ৮০ লাখ টকা মূল্যৰ ড্ৰাগছকে ধৰি বিভিন্ন মাৰাত্মক নিচাযুক্ত সামগ্ৰী আজি মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ নেতৃত্বত মুকলিকৈ আৰক্ষীয়ে দাহন কাৰ্য সম্পন্ন কৰে । মৰিগাঁও জিলাৰ মানিপুৰস্থিত জিলা কাৰাগাৰ খেলপথাৰত আজি দিনৰ ভাগত জিলা খনত যোৱা ২০১৬ চনৰে পৰা মৰিগাঁও আৰক্ষীয়ে জব্দ কৰি ৰখা বিভিন্ন নিচাযুক্ত সামগ্ৰী অসম আৰক্ষীৰ মধ্য অসমৰ ডিআইজি ব্ৰজেনজিৎ সিনহাৰ উপস্থিতত এই নিচাযুক্ত সামগ্ৰী সমূহ দাহন কৰে । মৰিগাঁও জিলাত আৰক্ষীৰ অভিযানত হেৰ’ইন ৫৬১.৮৯ গ্ৰাম , ব্ৰাউনচুগাৰ ২১২ গ্ৰাম , গাঞ্জা ১৯৮.৪৭৮ কিলোগ্ৰাম , টেবলেট ৮৩,১৫১ , কফ্চিৰাপ ৬,২৮৯ টা বটল জব্দ কৰিবলৈ সক্ষম হৈছিল । আজি মৰিগাঁৱত নিচাযুক্ত সামগ্ৰীৰ দাহন কাৰ্যত অংশগ্ৰহণ কৰি মধ্য অসমৰ ডিআইজি ব্ৰজেনজিৎ সিনহাই মৰিগাঁও আৰক্ষীক জিলা খনত জমা হৈ থকা মাৰাত্মক নিচাযুক্ত সামগ্ৰী সমূহ জ্বলাই দিয়া কাৰ্যক উচ্চ প্ৰশংসা কৰি মৰিগাঁও জিলাখনত এই নিচাযুক্ত সামগ্ৰীকে ধৰি অপৰাধ জনিত কাৰ্য ৰোধ কৰা ক্ষেত্ৰত মৰিগাঁও আৰক্ষীৰ ভূমিকা যথেষ্ট সন্তোষ জনক বুলি মন্তব্য কৰে । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে অসম আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অৱ্যাহত ৰাখিছে বুলিও ডিআইজি গৰাকীয়ে মন্তব্য আগবঢ়ায় । ইপিনে , মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে নিচাযুক্ত সামগ্ৰী দহন কৰি সংবাদ মাধ্যমৰ আগত কয় যে- বৰ্তমান সময়ত জিলা খনত ড্ৰাগছ মুক্ত কৰা উদ্দেশ্যে বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান অৱ্যাহত ৰাখিছে ।ড্ৰাগছকে ধৰি বিভিন্ন নিচাযুক্ত সামগ্ৰীয়ে নিজৰ জীৱন শেষ কৰাৰ লগতে সমাজখন ক্ষতি সাধন কৰিছে । এই ক্ষেত্ৰত ড্ৰাগছ সেৱন কৰা আৰু বিক্ৰী কৰা সকলে জিলা খন মাৰাত্মক ড্ৰাগছমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ইফালে , আজিৰ এই নিচাযুক্ত সামগ্ৰী দাহন কাৰ্যত অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী , মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা , উপ-আৰক্ষী অধীক্ষক মৌচুমী দাস , আৱকাৰী অধীক্ষক অজয় কুমাৰ বায়নকে ধৰি কেইবাগৰাকীও উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে ।