মৰিগাঁৱত ৬০ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উৎযাপন , ৩৪ জন শিক্ষকক সন্মানিত

90

মৰিগাঁৱত ৬০ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উৎযাপন , ৩৪ জন শিক্ষকক সন্মানিত

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্য খনৰ লগতে মৰিগাঁৱতো আজি মহান দাৰ্শনিক , শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনৰ উপলক্ষে ৬০ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস উৎযাপন কৰা হয় । আজি মৰিগাঁৱৰ সদৰস্থিত পবিতৰাহাট প্ৰেক্ষাগৃহত মৰিগাঁও জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত হোৱা ৬০ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষক দিৱস অনুষ্ঠানটোত জিলা খনৰ মুঠ ৩৪ জন শিক্ষকক কৃতী শিক্ষক হিচাপে সন্মানিত কৰাৰ লগতে অনলাইন শিক্ষা ব্যৱস্থাৰ লগত জড়িত ২০ জন শিক্ষকক প্ৰশংসা পত্ৰৰে সন্মানিত কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই । অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড০ ধ্ৰুৱজ্যোতি দাসে অংশ গ্ৰহণ কৰি মহান দাৰ্শনিক , শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন আদৰ্শৰ ওপৰত বিস্তৃত ভাৱে আলোকপাত কৰি তেওঁ কয় যে- বৰ্তমান সময়ত মূল্যবোধৰ শিক্ষাৰ অত্যন্ত প্ৰয়োজন হৈছে। কাৰণ আমি ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষাদান দিব লাগিব আৰু শিক্ষকে হৃদয়ৰ পৰা শিক্ষাদান দিব লাগিব । তথ্য জানিলেই জ্ঞানী নহয় আৰু জ্ঞান মানে প্ৰজ্ঞান নহয় , কাৰণ শিক্ষাই আমাক শিকাব লাগিব । বৌদ্ধিক চেতনাৰ প্ৰৱাহ আগুৱাই নিব লাগিব । প্ৰচীন কালৰে পৰা শিক্ষক সকলে সমাজখনক নেতৃত্ব দি আহিছিল । যিকোনো প্ৰত্যাহ্বান আহিলেও লক্ষ্যৰ পৰা আতৰি যাব নালাগে বুলি ড০ ধ্ৰুৱজ্যোতি দাসে ভাষণত উল্লেখ কৰে । জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই আজি পুৱাৰ ভাগত বন্তি প্ৰজ্বলন আৰু ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিকৃতিত মাল্যাপৰ্ণ কৰি অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞাই । জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই আজি পবিত্ৰ শিক্ষক দিৱসত সন্মানিত সকলো শিক্ষকক প্ৰশংসা কৰে । আজিৰ অনুষ্ঠানটোত অতিৰিক্ত উপায়ুক্ত অৰুন্ধতী নৰহ মিপুনেও মহান শিক্ষক সকলক স্মৰণ কৰি ভাষণ প্ৰদান কৰে । অনুষ্ঠানটোত শিক্ষা বিভাগৰ ই-আলোচনী “প্ৰজ্ঞালিপি উন্মোচন” আৰু তথ্য চিত্ৰ প্ৰদৰ্শনৰ কৰা হয় । ইপিনে , আজি মৰিগাঁও জিলাৰ শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানটোত কেইবাগৰাকীও জ্যেষ্ঠ আৰু অভিজ্ঞ শিক্ষকক কৃতী শিক্ষকৰ বঁটা প্ৰদানৰ পৰা বঞ্চিত কৰাৰ লগতে নিমন্ত্ৰণী চিঠিখনটো মন্ত্ৰী-বিধায়কৰ পদ মৰ্যদা হানি কৰা বুলিও অভিযোগ উঠিছে । বিদ্যালয়লৈ নিয়মীয়া ভাৱে নোযোৱা শিক্ষককো আজি পবিত্ৰ অনুষ্ঠানটোত কৃতী শিক্ষকৰ বঁটাৰে সন্মানিত কৰা বুলিও শৈক্ষিক মহলত চৰ্চা চলিছে ।