মৰিগাঁৱৰ চৰাইবাহীত প্ৰশাসনিক বিভাগৰ শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ  বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন

274
মৰিগাঁৱৰ চৰাইবাহীত প্ৰশাসনিক বিভাগৰ শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ  বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৪ আগষ্ট : মৰিগাঁৱৰ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থা আৰু চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অসম আৰক্ষীৰ লগতে অন্যান্য প্ৰশাসনিক বিভাগত খালী হৈ পদ সমূহ পূৰণৰ বাবে অনুষ্ঠিত হ’ৱলগীয়া শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ বাবে প্ৰাৰ্থী সকলক আগতীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দ্যেশেৰে আজি চৰাইবাহী আঞ্চলিক খেল পথাৰত এক বিনামূলীয়া প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মাই উদ্বোধন কৰা উক্ত প্ৰশিক্ষণ শিৱিৰৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৰিগাওঁ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন , বিশিষ্ট অতিথি হিচাপে সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ , সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধী , আৰক্ষী বিষয়া ধনীৰাম বৰা , মিকিৰভেটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিময় গায়ন , প্ৰশিক্ষণ প্ৰদান কৰা দুই চি আৰ পি এফ জোৱানৰ লগতে চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি  দ্বীপজ্যোতি বৰুৱা , জিলা সহ সম্পাদক মুকুট বৰঠাকুৰ, চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি মণিলাল নাথ , সম্পাদক জয় আমচি, সমাজকৰ্মী নিতুল বৰদলৈ , সুদক্ষ খেলুৱৈ ভগৱান ভৰালী উপৰিও পাঁচ শতাধিক যুৱক যুৱতী উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে ।এই শিৱিৰত প্ৰশিক্ষণ গ্ৰহণ কৰা সকলো প্ৰশিক্ষাৰ্থীয়ে সুন্দৰ ভাৱে প্ৰশিক্ষণ লাভ কৰি নিজৰ দক্ষতাৰে কৰ্ম সংস্থাপন লাভ কৰি দেশমাতৃৰ সেৱা কৰাৰ সুযোগ লাভ কৰিবলৈ অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰে উৎপল‌ শৰ্মাই । প্ৰশিক্ষণৰ সকলো নীতি মানি শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ কিদৰে হ’ৱ লাগে , তাৰ বিষয়ে সুন্দৰ ভাৱে বক্তব্য ৰাখে জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজনে । তেখেতে অসম আৰক্ষীৰ লগতে অন্যান্য পৰীক্ষা সমূহত কি দৰে নিজকে প্ৰস্তুত কৰিব লাগিব , অধ্যয়নৰ লগতে শাৰীৰিক ব্যায়ামতো গুৰুত্ব দিব লাগে , তাৰ ওপৰতো ভাষণ প্ৰদান কৰে । অহা সাত দিনলৈ পুৱা ৭.৩০ বজাৰ পৰা শাৰীৰিক আৰু লিখিত পৰীক্ষাৰ প্ৰশিক্ষণ চৰাইবাহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত অব্যাহত থাকিব জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথে জানিবলৈ দিয়ে ।