মৰিগাঁৱৰ চৰাইবাহীত ৪২ৰ শ্বহীদ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন

86

মৰিগাঁৱৰ চৰাইবাহীত ৪২ৰ শ্বহীদ তিলক ডেকাৰ স্মৃতি দিৱস উদযাপন

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২৮ আগষ্ট : ১৯৪২ চনৰ ২৮ আগষ্টৰ আজিৰ দিনটোতে বৃটিছ চিপাহীৰ গুলিত দেশৰ স্বাধীনতাৰ বাবে প্ৰান আহুতি দিছিল চৰাইবাহীৰ বীৰ সন্তান শ্বহীদ তিলক ডেকাই । ১৯৪২ চনৰ ২৬ আগষ্টত জোঙাল বলহ গড়ত বাৰপূজীয়াৰ হেমৰাম পাটৰ আৰু কপাহেৰাৰ গুনাভিৰাম বৰদলৈ বৃটিছৰ গুলিত নিহত হোৱাত বাৰপূজীয়া অঞ্চলত বৃটিছৰ সেনা পুলিছে ৰাইজক নানাধৰনৰ অত্যাচাৰৰ কৰিছিল । ইয়াৰ পৰিত্ৰাণ পাবলৈ ৰাইজে নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰি পুলিচ আহিলে দবা শিঙা বজাই ৰাইজক সচেতন কৰিবলৈ পহৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল বাৰপূজীয়া ৰাইজে ৷ আৰু ২৮ আগষ্টৰ দিনা ৰাতি পহৰাৰ দায়িত্বত আছিল তিলক ডেকাৰ । ৰাতি বৃটিছৰ পুলিচ মেলেটেৰী অহাত তিলক ডেকাই শিঙা বজাই ৰাইজক জনাই নিজৰ দায়িত্ব পালন কৰাত ইয়াকে দেখি বৃটিছৰ সেনাই তিলক ডেকাক শিঙা বজোৱা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও সেই নিৰ্দেশ অমান্য কৰি শিঙা বজাই থকাত নিছেই কাষৰ পৰা গুলিয়াই হত্যা কৰে । শ্বহীদ তিলক ডেকাই দেশৰ স্বাধীনতাৰ কাৰনে নিজৰ জীৱন উচৰ্গা কৰা আজিৰ এই প্ৰবিত্ৰ দিনটোত বীৰ জনাৰ পবিত্ৰ জন্মভূমি চৰাইবাহীত শ্ৰদ্ধাৰে সোৱৰণ কৰে ৷ এই লৈ চৰাইবাহীৰ তেতেলীতল তিনিআলিস্থিত বীৰ তিলক ডেকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চৰাইবাহী অঞ্চলৰ বিশিষ্ট সমাজ সেৱক ৰাজেন্দ্ৰ কুমাৰ নাথে ৷ ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজ সেৱক যতিন চন্দ্ৰ নাথে ৷ লগতে মাল্যাৰ্পণ কৰে সমাজ সেৱক ধ্ৰুৱ বৰাই ৷ শ্বহীদ তিলক ডেকা স্মৃতি দিৱস উদযাপন সমিতিৰ সম্পাদক ৰিংকু নাথে আত ধৰা এই অনুষ্ঠানত উপস্থিত থাকে অঞ্চলৰ বিশিষ্ট সমাজসেৱক , অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে কমল বৰদলৈ , গিৰিন্দ খাটনিয়াৰ,পুণেশ্বৰ বৰা,বিশিষ্ট সমাজ সেৱক শিশুৰাম হীৰা,জ্যেষ্ঠ ক্ৰীড়াবীদ ভগৱান ভৰালী প্ৰমূখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।