যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত চিলাপথাৰ , ঘোচ খোৰ আৰক্ষীক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ উত্তেজিত ৰাইজৰ

89

যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি উত্তপ্ত চিলাপথাৰ , ঘোচ খোৰ আৰক্ষীক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ উত্তেজিত ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া,চিলাপথাৰ ,৩১ আগষ্টঃ চিলাপথাৰত এজন যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উত্তেজিত ৰাইজে অৱৰোধ কৰে চিলাগাওঁৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । উল্লেখ্য যে,চিলাপথাৰৰ চিলাগাওঁৰ প্ৰয়াত দীপেন সোনোৱালৰ পুত্ৰ নিখিল ওৰফে জীতু সোনোৱাল(২৭)যোৱা নিশা নিজৰ ঘৰৰ পিছফালৰ বাৰীত চিপ লৈ আত্মহত্যা কৰে । তেনেই বাল্যকালতেই পিতৃক হেৰুৱাই দিন মজুৰি কৰি বিধৱা মাতৃৰ সৈতে চৰম সংকটত দিন পাৰ কৰিছিল যুৱকজনে । ইপিনে , সমস্ত ঘটনাৰ বাবে আৰক্ষীক জগৰীয়া কৰিছে মৃতকৰ পৰিয়ালৰ লোকে । অভিযোগ মতে,সৰুৰে পৰা আৰক্ষী হোৱাৰ লক্ষ্য পুহি ৰখা যুৱকজনে বহু সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল । অলপতে অনুষ্ঠিত সাক্ষাৎকাৰতো অৱতীৰ্ণ হৈছিল যুৱকজন । যুৱকজনৰ অপৰাধ হ’ল তেওঁ দুবাৰকৈ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল । এবাৰ জীতু আৰু আনবাৰ নিখিল সোনোৱালৰ নামত । পিছে দুখনকৈ প্ৰমান পত্ৰই বিপদত পেলালে নিখিলক । কিছু দিনৰ পূৰ্বে চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ গৈ ধৰা পৰে যুৱকজন । খবৰটো পাই কালি চিলাপথাৰ থানালৈ যুৱকজনক মাতি পঠিয়াই উপ পৰিদৰ্শক মহেন্দ্ৰ শইকীয়া নামৰ আৰক্ষী বিষয়াজনে । আৰক্ষী থানাত যুৱকজনৰ সকলো নথি পত্ৰ জব্দ কৰে । শাস্তিৰ পৰা ৰেহাই দিৱলৈ আৰক্ষীয়ে দাবী কৰে ৫০ হেজাৰ টকা । চিলাপথাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক মহেন্দ্ৰ শইকীয়া নামৰ বিষয়া জনে দাবী কৰে টকাখিনি । দৰিদ্ৰ পিতৃহীন যুৱকজনে আৰক্ষীক ধন দিব নোৱাৰি চৰম হতাশাত ভূগি অৱশেষত শেষ সিদ্ধান্ত বাচি ল’লে বুলি পৰিয়ালৰ অভিযোগ । পুলিচ হোৱা আঁশা বুকুত লৈ চিৰ বিদায় মাগিলে সৰবৰাহী যুৱকজনে । সকলোৰে প্ৰিয়পাত্ৰ যুৱক জনৰ আত্মহননৰ ঘটনাটোৱে মৰ্মাহত কৰি তুলিছে ৰাইজক । ঘটনাটোক সহজে ল’ব পৰা নাই স্হানীয় ৰাইজে । ঘোচখোৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰৰ দাবীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাবস্ত্য কৰে এই প্ৰতিবাদ । সোনোৱাল কছাৰী যুৱ মঞ্চ,সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে কেবাটাও জাতীয় সংগঠনে সহযোগ আগবঢ়াই প্ৰতিবাদত । অসম পুলিচ মুৰ্দাবাদ,অসম পুলিচ হায়, হায়,ঘোচ খোৰ আৰক্ষী বিষয়া মহেন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তুলে পৰিবেশ । শতাধিক প্ৰতিবাদকৰাৰীৰ পথ অৱৰোধত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে শ শ যান-বাহন । সকলোৰে কেৱল এটাই দাবী দোষীক কঠোৰ শাস্তি দিব লাগে । প্ৰায় ৩ ঘন্টা পথ অৱৰোধৰ পিছত প্ৰতিবাদস্তলীত অৱশেষত ধেমাজি জিলা কাৰ্য্যবাহী দণ্ডাধীশ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়া হ’ব বুলি উত্তেজিত ৰাইজক বুজনি দিয়াৰ পিছতেই পৰিস্থিতিৰ সাম কাটে । ইতিমধ্যেই জিতুৰ মৃতদেহ ধেমাজি অসমাৰিক চিকিৎসালয়লৈ মৰোণত্তৰ পৰীক্ষাৰ বাবে পঠোৱা হৈছে ।