যোৰহাট, মাজুলী, শিৱসাগৰ জিলাৰ প্ৰতিটো চুবুৰিত গৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’বঃ স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত

95

যোৰহাট, মাজুলী, শিৱসাগৰ জিলাৰ প্ৰতিটো চুবুৰিত গৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’বঃ স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস , পশ্চিম যোৰহাট , ১৩ ছেপ্টেম্বৰ : “যোৰহাট, মাজুলী, শিৱসাগৰ জিলাৰ প্ৰতিটো চুবুৰিত গৈ ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হ’ব । এই উদ্দেশ্যে ১৫ খন ভান সাজু কৰি তোলা হৈছে । প্ৰতিখন জিলাতে ৫ খনকৈ ভান থাকিব । উপায়ুক্তৰ নিৰ্দেশত ডাঃ, এম পি ডব্লিউ , নাৰ্চ ভানত গৈ নিৰ্দিষ্ট চুবুৰিত উপস্থিত হৈ প্ৰথম আৰু দ্বিতীয় পালি ক’ভিড-১৯ ৰ প্ৰতিষেধক ১৮ বছৰৰ ঊর্ধ্বৰসকলক প্ৰদান কৰিব । দেশত প্ৰধান মন্ত্ৰীয়ে চলিত বৰ্ষৰ ১৬ জানুৱাৰীত ক’ভিড-১৯ ৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদানৰ শুভাৰম্ভ কৰিছিল । বহুগৰাকীয়ে ক’ভিড-১৯ ৰ প্ৰতিষেধক গ্ৰহণ কৰিলে যদিও বহু ব্যক্তিয়ে এতিয়াও গ্ৰহণ কৰিবলৈ বাকী আছে । বহুতে প্ৰথম পালি লৈছে যদিও দ্বিতীয় পালি লোৱা নাই । সেয়ে উজনি আৰু নামনি অসমত ভানৰ ব্যৱস্থাৰে চুবুৰিয়ে-চুবুৰিয়ে গৈ ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই কাৰ্য শুভাৰম্ভ কৰাৰ পাছত উজনি অসমৰ তিনিখন জিলা ক্ৰমে যোৰহাট , মাজুলী আৰু শিৱসাগৰ জিলাত চুবুৰিয়ে-চুবুৰিয়ে গৈ ক’ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদান কৰিবলৈ ১৫ খন ভান আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হ’ল ।” যোৰহাটৰ আই এছ বি টিত স্বাস্থ্য বিভাগৰ উদ্যোগত ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত সভাত এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য দপ্তৰৰ মন্ত্রী কেশৱ মহন্তই । যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আদৰণি ভাষণ আগবঢ়োৱা সভাত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,ৰাজ্যৰ স্বাস্থ্য সেৱা(পৰিয়াল কল্যাণ)ৰ সঞ্চালক মুনিন্দ্ৰ নাটে , যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই ভাষণ আগবঢ়ায় । কেশৱ মহন্তই পতাকা দাঙি ১৫ খন ভানৰ যাত্ৰা আৰম্ভ কৰোঁৱা অনুষ্ঠানত টীয়ক বিধান সভা সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা , যোৰহাট , মাজুলী , শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ বিষয়া , কৰ্মচাৰীসকল আৰু স্থানীয় ভালেসংখ্যক লোক উপস্থিত থাকে । উল্লেখ্য , ইয়াৰ পূৰ্বে মন্ত্রী গৰাকী পুৱা ৯ বজাত নিমাতীঘাটত উপস্থিত হৈ যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মাজুলীবাসীৰ সুবিধাৰ্থে ব্যৱহৃত মাজুলী আৰু নিমাতীঘাটৰ মাজত পৰিচালিত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ ফেৰী সেৱাৰ শেহতীয়া অৱস্থাৰ বুজ লয় । বৰ্তমান মাজুলী-নিমাতীঘাট সংযোগী মৃত্যুঞ্জয় এম্বুলেঞ্চ ফেৰীসেৱাত দুখন এম্বুলেন্স ফেৰী নিয়মীয়াকৈ ব্যৱহৃত হৈ থকাৰ লগতে প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে ব্যৱহাৰ কৰিব পৰাকৈ তৃতীয় এখন এম্বুলেন্স ফেৰীও এই সেৱাত সংযোজিত কৰি ৰখা হৈছে । আজিৰ এই নিমাতীঘাট পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে আছিল ৰাজ্যৰ স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনিন্দ্ৰ নাথ নাটেৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ । নিমাতীঘাটত সংঘটিত ভয়াবহ ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা সু-চিকিৎসক ডাঃ বিক্ৰমজিত বৰুৱাৰ যোৰহাটৰ বাসগৃহত আজি আগবেলা উপস্থিত হৈ পৰিয়ালৰ লোকৰ দুখৰ সমভাগী হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । চিকিৎসক গৰাকীক উদ্ধাৰৰ বাবে ইতিমধ্যে অভিযান অব্যাহত আছে । সকলোৰে আদৰৰ চিকিৎসক গৰাকী যাতে সুকলমে উদ্ধাৰ হয় , তাৰ বাবে মন্ত্ৰীগৰাকীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় ।