লণ্ডনডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰক নিযুক্তি পত্ৰ প্ৰদান

136

লণ্ডনডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰক নিযুক্তি পত্ৰ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ , ধনটি শইকীয়া , ডিব্ৰুগড় , ১৬ আগষ্ট : দুৰ্নীতিৰ দৰ্পণ বাতৰি কাকতৰ বাতৰি প্ৰভাৱৰ পাছতেই অলিম্পিকৰ শিখা দৌৰবিদ পিংকী কৰ্মকাৰক ৰাজ্য চৰকাৰে প্ৰদান কৰিলে নিযুক্তি পত্ৰ । ২০১২ চনত লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচাৰ দুই নং লাইনৰ নিবাসী পিংকী কৰ্মকাৰৰ দুৰ্দশাগ্ৰস্ত জীৱন সংগ্ৰামৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে ৰাজ্য চৰকাৰে দেওবাৰে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিচা প্ৰেক্ষাগৃহত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বৰবৰুৱা শাখাৰ সৌজন্যত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পিংকীক এই নিযুক্তি পত্ৰ প্ৰদান কৰা হয় । পিংকীক ভৱিষ্যনিধি কাৰ্যালয়ৰ ক্লাৰ্ক পদত নিযুক্তি প্ৰদান কৰা হয় । উল্লেখ্য যে,চাহ বাগিচাত জন্মগ্ৰহণ কৰা পিংকীয়ে ১৮ বছৰ বয়সতে ২০১২ চনত ইউনিচেফৰ ‘স্পৰ্টছ ফৰ ডেভেলপমেন্ট’ শীৰ্ষক প্ৰকল্পৰ জৰিয়তে বিশ্বৰ ২০ খন দেশৰ লগতে ভাৰতৰ হৈ শিখা দৌৰত প্ৰতিনিধিত্ব কৰিছিল পিংকী কৰ্মকাৰে । চাহ বাগিচা অঞ্চলত শিক্ষা,স্বাস্থ্য ক্ৰীড়া আৰু বাল্যবিবাহ,সুৰা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগে সজাগতামূলক কাম কৰি আহিছে পিংকীয়ে । বৰ্তমানেও ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা পিংকী কৰ্মকাৰে সম্প্ৰতি বৰবৰুৱা চাহ বাগিচাৰ কলঘৰৰ এগৰাকী অস্থায়ী কৰ্মচাৰী হিচাপে কৰ্মৰত হৈ আছিল । আৰ্থিক সংকটৰ বাবে আধাতে শিক্ষা জীৱন সামৰা পিংকীয়ে মাতৃৰ মৃত্যুৰ পিছতে মাতৃৰ ঠাইত পেটৰ তাৰনাত বাছি ল’বলগীয়া হৈছিল শ্ৰমিকৰ জীৱন । চৰম আৰ্থিক দৈন্যতাত ভোগা পিংকীৰ জীৱন সংগ্ৰামৰ কাহিনী সৱিস্তাৰে সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত আজি আনুষ্ঠানিক ভাবে নিযুক্ত প্ৰদান কৰে । অনুষ্ঠানত আটছাৰ বিষয়ববীয়া সকলৰ লগতে কেইবাজনো বিশিষ্ট বক্তি উপস্থিত থাকে ।