লণ্ডন অলিম্পিত শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰ এতিয়া বাগিচাৰ শ্ৰমিক

184

লণ্ডন অলিম্পিত শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰ এতিয়া বাগিচাৰ শ্ৰমিক

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধনটি শইকীয়া , ডিব্ৰুগড় , ১১ আগষ্ট : লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰক মনত আছে নে ? ২০১২ চনৰ লণ্ডনত অনুষ্ঠিত হোৱা অলম্পিকত বিশ্বৰ ২০ খন দেশৰ লগতে ভাৰতক শিখা দৌৰত প্ৰতিনিধিত্ব কৰা পিংকী কৰ্মকাৰ এতিয়া কটাইছে শ্ৰমিকৰ জীৱন । মাত্ৰ ১৮ বছৰ বয়সত ইউনিচেফৰ’স্পৰ্টছ ফৰ ডেভেলপমেন্ট’ শীৰ্ষক প্ৰকল্পৰ জৰিয়তে লণ্ডন অলিম্পিকৰ শিখা দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাৰ পিংকী কৰ্মকাৰে । এটা সাধাৰণ শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰা পিংকীৰ এই সাফল্যত গৌৰাৱাম্বিত হৈ পৰিছিল সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসী । কিন্তু এইগৰাকী অলিম্পিকৰ শিখা দৌৰবিদৰ জীৱন ধাৰণ দেখিলে কপালত উঠিব আপোনাৰ চকু । চাহ বাগিচা অঞ্চলত শিক্ষা , স্বাস্থ্য,ক্ৰীড়া আৰু বাল্যবিবাহ,সুৰা আদিৰ বিৰুদ্ধে কাম কৰি অহাৰ লগতে সজাগতামূলক কাম কৰি আহিছে পিংকীয়ে । বৰ্তমানেও ধাৰাবাহিকতা অক্ষুন্ন ৰখা পিংকীয়ে লণ্ডন অলিম্পিকৰ শিখা দৌৰত অংশগ্রহণৰ বিনিময়ত ইউনিচেফে দিয়া নাছিল মাননি । শুদা হাতে সুদুৰ লণ্ডনৰ পৰা উভতি আহিবলগীয়া হৈছিল পিংকী । ইফালে , লণ্ডনৰ পৰা উভতি অহাৰ সময়ত ডিব্ৰুগড় বিমানবন্দৰৰ পৰা বিশাল কনভয়েৰে আদৰি অনা হৈছিল পিংকীক । পিংকীৰ বাগিচাৰ আৱাসগৃহত ভৰি পৰিছিল মন্ত্ৰী-বিধায়ককে ধৰি বহু জাতীয় সংগঠনৰ নেতা । আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে সেই সময়ত পিংকীক সম্বৰ্ধনা জনাই ভৱিষ্যতে সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল । সেইদৰে সেই সময়ৰ কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী পৱনসিং ঘাটোৱাৰ আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৃথ্বী মাঝিয়েও দিছিল ভৱিষ্যতে পিংকীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি । সেই সময়ৰ প্ৰাক্তন সাংসদ সৰ্বানন্দ সোনোৱাল দুবছৰৰ পিছত মোডী মন্ত্ৰীসভাৰ আছিল ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী আৰু তাৰ এটা বছৰৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল । কিন্তু নিজ হাতে সম্বৰ্ধনা জনাই প্ৰতিশ্ৰুতি দিয়া সৰ্বানন্দ সোনোৱালে এবাৰলৈয়ো আহৰি নাপালে পিংকীৰ খবৰ ল’বলৈ । ২০১৫ চনত পিংকীৰ মাতৃ মৃত্যুৰ পিছত অৰ্থৰ অভাৱত পিংকীয়ে আধাতে এৰি দিবলগীয়া হৈছিল শিক্ষা জীৱন । নামভৰ্তিৰ বাবে সহায় বিচাৰি পৃথিৱী মাঝিৰ কাষ চাপিও পোৱা নাছিল সহায় । আৰ্থিক দৈন্যতাত ভোগা পিংকীয়ে পৰিয়াল পোহপাল দিবলৈ মাতৃৰ বদলি পিংকীয়ে আকোৱালি ল’বলগীয়া হৈছিল শ্ৰমিকৰ জীৱন । এতিয়া পিংকী বৰবৰুৱা চাহ বাগিচাৰ স্থায়ী শ্ৰমিক । সাধাৰণ উপাৰ্জনেৰে জীৱন সংগ্ৰামত ব্যস্ত পিংকী । চৰকাৰে সহায় কৰিলে আকৌ আগবাঢ়িব বিচাৰে পিংকীয়ে । আধাতে শিক্ষা জীৱন সামৰা পিংকীয়ে উচ্চ শিক্ষা গ্ৰহণত আগ্ৰহী । এতিয়া মাথো পিংকীক প্ৰয়োজন কৰ্মসংস্থাপন ।