লালকিল্লাত প্রধানমন্ত্রীয়ে মোদীয়ে উৰুৱালে পৱিত্ৰ ত্ৰিৰংগা

133

লালকিল্লাত প্রধানমন্ত্রীয়ে মোদীয়ে উৰুৱালে পৱিত্ৰ ত্ৰিৰংগা

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ১৫ আগষ্টঃ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ মাজতে সমগ্ৰ ভাৰতে উদযাপন কৰিলে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস৷ দেশৰ ৰাজধানী নতুন দিল্লীত প্ৰতিবছৰৰ দৰে এইবাৰো কেন্দ্রীয়ভাৱে উদযাপন কৰা হয় স্বাধীনতা দিৱস। ৰাজধানী দিল্লীৰ ঐতিহাসিক লালকিল্লাত পৱিত্ৰ ত্রিৰংগা পতাকা উত্তোলন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ক’ভিড-১৯ প্রট’কল মানি উদযাপন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ কার্যসূচী পূর্বৰ তুলনাত কমকৈ কৰা হয়। অৱশ্যে নিৰাপত্তা পূর্বৰ তুলনাত অধিক বৃদ্ধি কৰিছে৷ কেইবাতৰপীয়া নিৰাপত্তাৰ মাজত আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা জাতীয় পতাকা উত্তোলনৰ পাছত দেশবাসীক সম্বোধন কৰে৷ ঐতিহাসিক লালকিল্লাত কেইবাতৰপীয়া নিৰাপত্তা ব্যৱস্থা বিশেষকৈ এন এছ জি স্নিপাৰ, শ্বাট কমাণ্ডো, কাইট কেটছাৰ, কেনাইন ইউনিট আৰু ওখ অট্টালিকাসমূহত শ্বার্প শ্বুটাৰ মোতায়েন কৰা হৈছে৷ মোগলৰ শাসন কালৰ ঐতিহাসিক লালকিল্লাত আজি সকলো কার্যসূচী ক’ভিড প্রট’কল মানি পালন কৰা হ’ব৷ সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে ৫০০০তকৈ অধিক নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে৷ আনহাতে, জম্মু–কাশ্মীৰৰ পাকিস্তানী সন্ত্রাসবাদীয়ে ড্র’নেৰে আক্রমণ কৰাৰ প্রতি লক্ষ্য ৰাখি ড্র’ন বিধ্বংসী ব্যৱস্থা লালকিল্লাত মোতায়েন কৰা হৈছে৷ এইবেলি স্বাধীনতা দিৱসৰ কার্যসূচীত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰে অলিম্পিক পদক বিজয়ী ভাৰতীয় খেলুৱৈয়ে৷ নিৰাপত্তাৰ বাবেই ঐতিহাসিক লালকিল্লাত প্রধানমন্ত্রী মোদীয়ে ভাষণ দি থকা অৱস্থাত অঞ্চলটোৰ দূৰৰ পৰা প্রত্যক্ষ কৰিব নোৱাৰাকৈ বিশাল তোৰণ দিয়া হৈছে৷ অভেদ্য দুর্গত পৰিণত লালকিল্লাৰ ৭০ খনত অধিক আৰক্ষী বাহন, পি চি আৰ ভেন, প্রখৰ ভেন আৰু কিইউআৰটি ভেন মোতায়েন কৰা হৈছে৷ ইয়াৰ উপৰি আৰক্ষীৰ টহলৰ বাবে কেইবাখনো মটৰচাইকেল মজুত ৰখা হৈছে৷ তেনেদৰে যমুনা নদীত মটৰ ব’টেৰে পেট্র’লিং কৰি থাকিব দিল্লী আৰক্ষীয়ে৷ উল্লেখ্য যে দিল্লী সীমান্তত তিনি কৃষি আইন বাতিলৰ দাবীত আন্দোলন চলাই থকা প্রতিবাদী কৃষকৰ প্রতি লক্ষ্য ৰাখি সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ সমগ্র লালকিল্লাক সাঙুৰি লৈ ৩৫০তকৈ অধিক কেমেৰা স্থাপন কৰা হৈছে৷ এই কেমেৰাৰ জৰিয়তে দুটা আৰক্ষী নিয়ন্ত্রণ কক্ষই অহৰহ লালকিল্লাৰ পৰিৱেশ নিৰীক্ষণ কৰি থাকিব৷ বিগত বর্ষৰ দৰেই স্বাধীনতা দিৱসৰ কার্যসূচীত জনতাৰ সমাগম সংৰক্ষিত কৰা হৈছে৷ এইবেলি এই দিৱসৰ থীম হৈছে ‘নেচন ফার্ষ্ট, অলৱেজ ফার্ষ্ট’।