লালী নদীৰ বানত বিধ্বস্ত গঞা , খাদ্যৰ অভাৱত চোতালতেই আৱদ্ধ পশুধন, নদীৰ বুকুত বিলীন হ’ল বহু ঘৰ-বাৰী আৰু কৃষিভূমি

106

লালী নদীৰ বানত বিধ্বস্ত গঞা , খাদ্যৰ অভাৱত চোতালতেই আৱদ্ধ পশুধন, নদীৰ বুকুত বিলীন হ’ল বহু ঘৰ-বাৰী আৰু কৃষিভূমি

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ১২ চেপ্তেম্বৰঃ ব্ৰহ্মপুত্ৰ আৰু লালী নদীৰ বানত ধেমাজিৰ চেঙাজান গোৱালা গাঁও , চেঙাজান কৈৱৰ্ত্ত , লম্বা চাপৰি , লম্বা মিলনপুৰ, অপচৰা , চেৰেং চাপৰি, চকিয়া চাপৰি আদি গাঁও সমূহ বালিয়ে পলকতে পুতি পেলালে । নদী দুখনৰ বানে বৃহত্তৰ চেঙাজান অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰাৰ ফলত এতিয়াও গৰু মহ ছাগলীৰ খাদ্যৰ অভাৱ হৈছে । বান আক্ৰান্ত ৰাইজে কেইবাবাৰো পশুধনৰ কাৰণে বিভাগীয় কৃৰ্ত্বপক্ষক আবেদন নিবেদন কৰিও আজি এমাহ সময় ধৰি কোনো ধৰনৰ সহাঁৰি পোৱা নাই । টুলুঙা নাঁওৰে তিনি চাৰি কিলোমিটাৰ দূৰত্বৰ পৰা ঘাঁহ কাটি পশুধনক খাদ্য যোগান ধৰি আহিছে যদিও বাৰিষাৰ পিছত দেখা দিয়া বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ পশুধনৰ মৃত্যু হৈছে । বালিয়ে পলকতে পুতি পেলোৱাৰ ফলত গৰু-ম’হ আৰু ছাগলীৰ খাদ্য সামগ্ৰী সংকটত পৰিছে ৷ এশ এবুৰি সমস্যাৰে জৰ্জৰিত ধেমাজিৰ বৃহত্তৰ চেঙাজান অঞ্চলৰ বাটপথ এতিয়াও অতি সূচনীয় হৈ পৰিছে ৷ লালী আৰু ব্ৰক্ষ্মপুত্ৰৰ বুকুত ইতিমধ্যেই কেইবাখনো ঘৰ বিলিন হৈছে ৷ এই সকল দূৰ্ভগীয়া ভুক্তভোগী ৰাইজে কিদৰে জীৱন কটাইছে , সেইয়া চাৱলৈ যেন আহৰি নাই ৰজাঘৰীয়াৰ ৷ তেওঁলোকক লাগে এডোখৰ নিৰাপদে থকা বাসস্থান । চকুৰ সন্মুখতে সেউজীয়া ধাননি পথাৰখন বালিত পোট গ’ল । বছৰটোৰ ধান খেতি নষ্ট হ’ল । ঘৰ বাৰী , পশুধন আদি সকলো হেৰুৱাই ,বালিয়ে পলকত পুতি যোৱা অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ কথা ৰাজ্য চৰকাৰ তথা স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই বুজ ল’ৱলৈ সময় হ’ৱনে ।