শিক্ষামন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ মৰিগাঁও আছুৰ

121

মৰিগাঁও জিলাত নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান জিলা আছুৰ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ২ আগষ্ট : মৰিগাঁও জিলাৰ উচ্চ শিক্ষানুষ্ঠান সমূহত বিগত সময় চোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসনৰ অভাৱ হোৱাত জিলা খনৰ ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ লগতে এক হাহাকাৰময় পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া এক পৰিৱেশৰো সৃষ্টি হৈ আহিছে । জিলা খনত পুনৰ উচ্চ শিক্ষানুষ্ঠান সমূহত এই বৰ্ষত ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ উচ্চ শিক্ষাৰ পৰা বঞ্চিত নহয় , তাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই  আজি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ শিক্ষামন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । জিলা আছুৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক‌ ৰূপজ্যোতি মেধি স্বাক্ষৰিত স্মাৰক পত্ৰত উল্লেখ কৰে যে- ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান সমূহত ১০% আসন বৃদ্ধিৰ কথা ঘোষণা কৰিছে যদিও ছাত্ৰ-ছাত্ৰীৰ অনুপাতে সেইয়া পৰ্যাপ্ত নহয় । গতিকে , প্ৰতিখন মহাবিদ্যালয়তে স্নাতক আৰু উচ্চতৰ মাধ্যমিক শাখাত আসনৰ সংখ্যা বৃদ্ধি কৰা , মহাবিদ্যালয় সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰা আৰু প্ৰতিখন মহাবিদ্যালয়তে ৰাতিপুৱা  আৰু দিনৰ দুটা ভাগত পাঠদানৰ ব্যৱস্থা কৰাৰ লগতে পৰ্যাপ্ত শিক্ষকৰ ব্যৱস্থা কৰি শিক্ষকৰ অভাৱ পূৰণ কৰিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ মৰিগাঁও আছুয়ে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইফালে , যোৱা কিছুদিনৰ পৰা মৰিগাঁৱত বিদ্যুৎ বিভাগে সঘনে লুকাভাকু কৰা ফলত জিলাবাসী অতিষ্ঠ হৈ পৰিছে । জিলা খনত নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মৰিগাঁও আছুৱে আজি জিলা উপায়ুক্তক প্ৰদান কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে- জিলা বিদ্যুৎ বিভাগে বিদ্যুতৰ মাচুল সংগ্ৰহ ‌কৰাত যেনেধৰে গুৰুত্ব দিছে , কিন্তু ৰাইজক প্ৰয়োজনীয় বিদ্যুৎ যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মৰিগাঁৱৰ বিদ্যুৎ বিভাগ । এজাক বৰষুণৰ পিছতে দুই তিনিদিন ধৰি বিদ্যুৎ সেৱা ব্যাহত থকাৰ লগতে সঘনাই বিদ্যুৎ কৰ্তন কৰাত উৎকট গৰমত ছাত্ৰ-ছাত্ৰীকে ধৰি জনসাধাৰণে চৰম অস্বস্তিত ভুগিছে । জিলা খনত নিয়মীয়া বিদ্যুৎ যোগান নকৰিলে মৰিগাঁও আছুয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলি স্মাৰক পত্ৰত উল্লেখ কৰে ।