শিৱসাগৰ জিলা উপায়ুক্তক বিষয়া-কৰ্মচাৰী সকলৰ বিদায় সম্বৰ্ধনা

121
শিৱসাগৰ জিলা উপায়ুক্তক বিষয়া-কৰ্মচাৰী সকলৰ বিদায় সম্বৰ্ধনা
দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মা , ২৩ আগষ্টঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাক অলপতে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত উক্ত বিদায় সভাত অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, ৰাজহ চক্ৰ বিষয়াসকল, সহকাৰী আয়ুক্তসকল তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত উপায়ুক্ত গৰাকীয়ে তেওঁৰ কাৰ্য্যকালৰ সুন্দৰ অভিজ্ঞতাৰ বিষয়ে সোঁৱৰে আৰু প্ৰতি গৰাকী বিষয়া কৰ্মচাৰীয়ে তেওঁক আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে ধন্যবাদ জনায়। উল্লেখযোগ্য যে, বিদায়ী উপায়ুক্ত বিষ্ণু কমল বৰাই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সচিব আৰু অতিৰিক্তভাৱে সঞ্চালকৰ পদত যোগদান কৰিছে ৷