শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ পৰ্য্যালোচনা বৈঠক সম্পন্ন , ৫ খন ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদান বাহনৰ শুভাৰম্ভণি

338

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তৰ পৰ্য্যালোচনা বৈঠক সম্পন্ন , ৫ খন ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদান বাহনৰ শুভাৰম্ভণি

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , অমৃত কুমাৰ শৰ্মাঃ শিৱসাগৰ জিলাৰ সকলো গাঁও-চুবুৰীকে সামৰি ১৮ বছৰৰ ঊৰ্দ্ধৰ প্ৰতিগৰাকী লোককে ক’ভিড প্ৰতিষেধক দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অংশ হিচাপে শিৱসাগৰত ৫ খন ভ্ৰাম্যমাণ ক’ভিড প্ৰতিষেধক প্ৰদান বাহন (মোবাইল ক’ভিড ভেক্সিনেছন ভেন)ৰ সেৱা মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । উপায়ুক্ত কাৰ্য্যালয় প্ৰাংগণত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এই বাহন কেইখনৰ চাবি আনুষ্ঠানিকভাৱে জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকাৰ হাতত প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ প্ৰতিষেধক অভিযানৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰাৰ অৰ্থে এখন বৈঠকত মিলিত হয় । উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত মেঘ নিধি দাহালে স্বাস্থ্যমন্ত্ৰী গৰাকীক জিলাখনৰ সাম্প্ৰতিক ক’ভিড-১৯ ব্যৱস্থাপনা আৰু ক’ভিড প্ৰতিষেধক প্ৰদান অভিযানৰ বিষয়ে বিতংভাৱে অৱগত কৰে । তেওঁ অহা ১৭ ছেপ্টেম্বৰ তাৰিখে জিলাখনত মেগা প্ৰতিষেধক অভিযান চলোৱা হ’ব বুলিও অৱগত কৰে । ৩৮,০০০ পালি প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা এই অভিযান কালত ১৬০ টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে । এই অভিযানত অতিৰিক্ত ভেৰিফায়াৰ হিচাপে বিদ্যালয়ৰ শিক্ষক সকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি নিয়োজিত কৰা হ’ব বুলিও তেওঁ কয় । পৰ্য্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অতিমাৰী ক’ভিড-১৯ -ক প্ৰতিহত কৰিবলৈ সাম্প্ৰতিক সময়ত ক’ভিড প্ৰতিষেধকেই একমাত্ৰ অৱলম্বন বুলি উল্লেখ কৰে । তেওঁ অহা ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া মেগা প্ৰতিষেধক অভিযানৰ পূৰ্ণ সফলতাৰ বাবে জিলা প্ৰশাসনক তৃণমূল পৰ্য্যায়ৰ পৰা সমাজৰ প্ৰতিটো স্তৰতে ব্যাপক সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় । এই অভিযান ফলপ্ৰসূ কৰাৰ অৰ্থে তেওঁ এক যথোপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ পোষকতা কৰে । স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ বক্তব্যত কয় যে , যিসকল ব্যক্তিয়ে বৰ্তমানলৈ প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নাই,তেওঁলোকে ভৱিষ্যতে চৰকাৰী আঁচনিৰ সুফল লাভ কৰাৰ পৰাও বিৰত থাকিব লাগিব পাৰে । তেওঁ চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়,শ্বপিং ম’ল , দোকান , ব্যৱসায়ীক প্ৰতিষ্ঠান , বজাৰ আদিত সকলোৱে ক’ভিড প্ৰতিষেধক লোৱাৰ ঘোষণাৰে ৰাজহুৱাকৈ জাননী ফলক অঁৰাটো সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে । ইয়াৰ বাবে আগতীয়াকৈ সজাগতা বৃদ্ধিৰ কাৰ্য্যসূচী গ্রহণ কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে । বৈঠকত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা , ৰাজ্যৰ স্বাস্থ্যসেৱা (পৰিয়াল কল্যাণ) সঞ্চালক তথা ক’ভিড প্ৰতিষেধকৰ ৰাজ্যিক ন’ডেল বিষয়া মুনীন্দ্ৰনাথ নাটে , আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন , জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী দলে , অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ , কৰ্মদেৱ ব্ৰহ্ম আৰু চন্দনা বৰুৱা , মহকুমাধিপতি (সদৰ) ডঃ মন্দিৰা বৰুৱা , স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা , মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা আৰু সমাজ সেৱিকা সুৰভি ৰাজকুঁৱৰী উপস্থিত থাকে ।