শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে উপায়ুক্তৰ পৰ্য্যালোচনা বৈঠক সম্পন্ন

92

শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ সৈতে উপায়ুক্তৰ পৰ্য্যালোচনা বৈঠক সম্পন্ন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মা , ৪ ছেপ্তেম্বৰঃ শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ত জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত এখন পৰ্য্যালোচনা বৈঠক অনুষ্ঠিত হয় । বৈঠকত উপায়ুক্ত গৰাকীয়ে বৰ্তমানৰ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ বিষয়ে বিতংভাৱে বুজ লৈ জিলাখনত যথা সম্ভৱ দৈনিক ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ নিৰ্দেশ দিয়ে । তেওঁ ৪ ছেপ্টেম্বৰৰ পৰা দৈনিক ৯০ ৰ পৰা ১০০ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ সক্ৰিয় কৰি ৰখাৰ আহ্বান জনায় । তদুপৰি তেওঁ দৈনিক প্ৰদান কৰিবলগীয়া প্ৰতিষেধকৰ পালিৰ লক্ষ্য ২০,০০০ লৈ বৃদ্ধি কৰিবলৈ কয় । উপায়ুক্ত গৰাকীয়ে গ্ৰাম্যাঞ্চল , ভিতৰুৱা অঞ্চল,সীমান্তৱৰ্তী অঞ্চল আদিত অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে । তেওঁ লগতে চাহ বাগিচাসমূহত ৰৈ যোৱা লোকসকলকো প্ৰতিষেধক প্ৰদান কৰিবলৈ কয় । তেওঁ কেন্দ্ৰ সমূহত যাতে প্ৰতিষেধক অপচয় নহয় , তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে । উপায়ুক্ত গৰাকীয়ে জিলাখনৰ উপ-স্বাস্থ্য কেন্দ্ৰ সমূহতো প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰাৰ পৰামৰ্শ দিয়ে । তেওঁ লগতে প্ৰতিষেধক প্ৰদান কেন্দ্ৰত প্ৰয়োজনীয় ভেৰিফায়াৰ হিচাপে স্থানীয় শিক্ষক সকলকো নিয়োজিত কৰিবলৈ কয় ।
উক্ত সভাত অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে বিতোপন নেওগ আৰু চন্দনা বৰুৱা, সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা,মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত কুমাৰ বৰুৱা,অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া(পৰিয়াল কল্যাণ) ডাঃ মুকুল দাস,জিলা প্ৰতিষেধক বিষয়া ডাঃ অৰুন্ধতী বৰা হাজৰিকা আৰু জিলা নিৰীক্ষণ বিষয়া ডাঃ গায়ত্ৰী সেনাপতি উপস্থিত থাকে ।