শুৱালকুছিত আছুৰ উদ্যোগত আৰক্ষী নিযুক্তিৰ শাৰীৰিক অনুশীলন শিবিৰ

91

শুৱালকুছিত আছুৰ উদ্যোগত আৰক্ষী নিযুক্তিৰ শাৰীৰিক অনুশীলন শিবিৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি, ১০ আগষ্ট : শুৱালকুছিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজ বালিছৰত আজিৰে পৰা কঠোৰ শাৰীৰিক অনুশীলনত ব্যস্ত হৈছে ২০০ যুৱক যুৱতী । আছুৰ উদ্যোগত শুৱালকুছিত আৰক্ষী ভাৰতীয় সেনাৰ নিযুক্তিৰ শাৰীৰিক অনুশীলন শিবিৰ । কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয়ে এই শিবিৰত নিযুক্তি দিছে দুগৰাকী CRPF জোৱান । দুই CRPF জোৱানে শাৰীৰিক অনুশীলনৰ দিব নেতৃত্ব । নতুন চৰকাৰ খনৰ দায়িত্ব লোৱাৰ পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীত আৰু কেইবাটাও বেটেলিয়ান কেম্প সৃষ্টিৰে বৃহৎ নিযুক্তিৰ হব বুলি ঘোষণা কৰিছে , তাৰ পাছতে শুৱালকুছি আঞ্চলিক ছাত্ৰ সন্থাৰ তৎপৰ হৈ পৰিছে । শুৱালকুছি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ আগ্ৰহী যুৱক যুৱতীয়ে যাতে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত যাতে উত্তীৰ্ণ হব পাৰে , তাৰ বাবেই এই পদক্ষেপ লৈছে আছুৱে । আজিৰে পৰা ১৫ দিন ধৰি চলিব এই শাৰীৰিক অনুশীলন শিবিৰ । আজিৰ পৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । শুভাৰম্ভণি অনুস্থানত উপস্থিত থাকে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় , আছুৰ উপদেষ্টা প্ৰকাশ দাসকে ধৰি বহু লোক । এই শিবিৰৰ জৰিয়তে ইয়াৰ লগত জড়িত যুৱক যুৱতী সকল উপকৃত হব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা সকলে ।