সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

84

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ চেতিয়া খেল পথাৰত আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ৮১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰা হয় । তাৰ পিছতে উলিওৱা হয় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা । অভিনেতা দেৱাশীস বৰঠাকুৰ ,অভিনেত্ৰী সুকন্যা ৰাজগুৰুয়ে মুকলি কৰা শোভাযাত্ৰাত মটক জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টি প্ৰদৰ্শন কৰা হয় । ইয়াৰ পিছতেই শিৱসাগৰ কলেজৰ অধ্যাপক বকুল পাটৰে উদ্বোধন কৰা মুকলি সভাত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰবৰ্তন কৰা “বেংমৰা সমন্বয় বঁটা” প্ৰদান কৰা হয় অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা° ৰণোজ পেগুক । এই বঁটা প্ৰদান অনুষ্ঠানত শিক্ষামন্ত্ৰীৰ উপৰিও সাংসদ তপন কুমাৰ গগৈ, চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা , আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া,সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা,মটক স্বায়ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী ডেভিড চেতিয়াকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।