সমগ্ৰ ভাৰতবৰ্ষত এশ কৌটি কভিড ভেকচিন প্ৰদানৰ

90

সমগ্ৰ ভাৰতবৰ্ষত এশ কৌটি কভিড ভেকচিন প্ৰদানৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২১ অক্টোবৰঃ ভাৰতত আজি কভিড ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়াত এশ কোটি স্পৰ্শ কৰা দিনটোত সমগ্ৰ ভাৰতত ভাৰতীয় জনতা পাৰ্টিৰে এক বিশেষ সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰে । এই সফলতাৰ বাবে অসম প্ৰদেশ বিজেপি দলেও অসমৰ বিভিন্ন ঠাইত কভিড যোদ্ধাক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ সমান্তৰাল ভাৱে ঘিলামৰা মণ্ডল বিজেপিৰ উদোগত ঘিলামৰা সামূহিক চিকিৎসালয়ত পুৱা এঘাৰ বজাত চিকিৎসালয়ত নিয়োজিত চিকিৎসক , নাৰ্চকে ধৰি বিভিন্ন কৰ্মচাৰী সকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় । এই সম্বৰ্দ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘিলামৰা মণ্ডল বিজেপি সম্পাদক হিৰণ্য হাজৰিকাই সাংবাদিক জনাবলৈ দিয়া অনুসৰি আজি দিনটোত ঘিলামৰা ব্লক পি এইচ চিত অন্তৰ্গত বিভিন্ন স্বাস্থ্য কেন্দ্ৰত মণ্ডলৰ স্থানীয় কৰ্মকৰ্তা সকলে সন্মুখৰ পৰা কভিড কালত নেতৃত্ব লোৱা কভিড যোদ্ধা হিচাপে পৰিগণিত হোৱা চৰকাৰী চিকিৎসা সেৱাৰ লগত জড়িত কৰ্মচাৰীৰ সকলোকে এইদৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হৈছে । আজি এই কাযসূচীত ঢকুৱাখনা জিলা মহিলা মচাৰ সভানেত্ৰী কল্পনা দেবী ভৰালী , জিলা সমিতি উপ সভাপতি পূৰ্ণানন্দ দত্ত , মণ্ডলৰ কাৰ্যনিবাহক সদস্য মানিক চুতীয়া , জিলা মণ্ডল যুৱ মচাৰ সুভন দত্ত , ঘিলামৰা মণ্ডলৰ বিজেপিৰ মহিলা মচাৰ সভানেত্ৰী ৰীতি সোনোৱাল,সম্পাদিকা মল্লিকা সূত , ঘিলামৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলী গগৈ , দেবলীযা গাওঁ পঞ্চায়ত সভাপতি দিলিপ বৰা , বৰদৈবাম গাওঁ পঞ্চায়ত সভাপতি বিমান গগৈ , ঘিলামৰা আঞ্চলিক পঞ্চায়ত সদস্য যুগল সুত , নিবাচিত বিজেপিৰ ৱাৰ্ড সদস্য–সদস্যা , ঘিলামৰা মণ্ডল বিজেপিৰ শক্তি কেন্দ্ৰ প্ৰমুখ , যুৱ মৰ্চা , কিষান মৰ্চা , এ এচ টি মৰ্চাৰ , অবিচি মৰ্চাকে ঘিলামৰা মণ্ডল বিজেপিৰ ভালে সংখ্যক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।