সমাগত দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ জিলাৰ , পূজা সমিতিসমূহৰ লগত জিলা প্ৰশাসনৰ আলোচনা সভা

129

সমাগত দুৰ্গা পূজাৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ জিলাৰ , পূজা সমিতিসমূহৰ লগত জিলা প্ৰশাসনৰ আলোচনা সভা

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি, ২৫ ছেপ্টেম্বৰঃ সমাগত শাৰদীয় দুৰ্গোৎসৱ পালনৰ প্ৰস্তুতি সম্পৰ্কত আলোচনা কৰিবলৈ কালি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত জিলাখনৰ পূজা সমিতিসমূহৰ লগত এখন সভা অনুষ্ঠিত হয় ৷ অতিৰিক্ত উপায়ুক্ত সুজিত বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত এইবেলি দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰা মান সম্পন্ন পৰিচালন বিধি সম্পৰ্কত বিতংভাৱে আলোচনা কৰা হয় ৷ ৰাজ্য চৰকাৰে সুৰক্ষিতভাৱে পূজা উদযাপন কৰিবলৈ জাৰি কৰা কোভিড-১৯ প্ৰতিৰোধী পূজা পৰিচালন বিধি সম্পৰ্কে শ্ৰীবাগলাৰীয়ে উপস্থিত সকলোকে অৱগত কৰে ৷ তেওঁ কয় যে , সকলোৱে স্বাস্থ্যসন্মতভাৱে পূজাৰ আনন্দ ল’বৰ বাবে কম আড়ম্বৰপূৰ্ণ পূজা অনুষ্ঠিত কৰিব লাগিব ৷ পূজা অনুষ্ঠিত কৰাৰ প্ৰথম চৰ্ত হ’ল প্ৰশাসনৰ অনুমতি ৷ পূজা সুকলমে অনুষ্ঠিত কৰিবলৈ সমিতিসমূহে পৰ্যাপ্ত স্বেচ্চাসেৱক নিয়োগ কৰিব লাগিব আৰু অনুমতি ল’বৰ বাবে জনোৱা আবেদনৰ লগত স্বেচ্চাসেৱকৰ তালিকা গাঁঠি দিব লাগিব ৷ অন্ততঃ এপালি কোভিড প্ৰতিষেধক লোৱাটো সকলোৰে বাবে বাধ্যতামূলক যদিও পূজা সমিতিয়ে দুয়োপালি প্ৰতিষেধক লোৱা লোকক স্বেচ্চাসেৱক বাহিনীত অন্তৰ্ভূক্ত কৰাত অগ্ৰাধিকাৰ দিব লাগিব ৷ জিলা পৰ্যায়ত আৰু ৰাজহ চক্ৰ পৰ্যায়ত প্ৰশাসনে ইয়াৰ বাবে টাস্ক ফৰ্চ গঠন কৰিব যদিও পূজাৰ স্বেচ্চাসেৱক বাহিনীৰ দায়িত্ব চৌব্বিশ ঘণ্টীয়া কৰিব লাগিব বুলিও অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সকলোকে অনুকিয়াই দিয়ে ৷ তেওঁ আৰু কয় যে , পূজাথলী আহল-বহল হোৱাৰ উপৰি তাত প্ৰৱেশ আৰু প্ৰস্থান পথৰ বাবে স্পষ্ট নিদেৰ্শনা থাকিব লাগিব ৷ আনহাতে , পূজাথলীৰ সম্পূৰ্ণ এলেকা চেনিটাইজ কৰাৰ লগতে প্ৰৱেশ পথত মাস্ক আৰু চেনিটাইজাৰ ৰখাটো বাধ্যতামূলক ৷ দৰ্শনাৰ্থী সকলে প্ৰতিষেধক লোৱাটো বাধ্যতামূলক যদিও ১৮ বছৰৰ তলৰ লোকসকলক এইক্ষেত্ৰত ৰেহাই দিয়া হ’ব ৷ অৱশ্যে কোভিডৰ অন্যান্য নীতি-নিৰ্দেশনা যেনে মাস্ক পৰিধান কৰা , দূৰত্ব বজাই ৰখা আদি সকলোৰে বাবে বাধ্যতামূলক ৷ মাস্ক পৰিধান নকৰিলে পূজাথলীত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব ৷
এইবাৰৰ পূজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে ৷ আৰু কোনো ক্ষেত্ৰতে যাতে মানুহৰ ভিৰ নহয় , তাৰ ওপৰত পূজা উদযাপন সমিতিয়ে অনবৰতে চোকা দৃষ্টি ৰাখিব লাগিব বুলিও শ্ৰীবাগলাৰীয়ে কয় ৷ তদুপৰি পূজাৰ আগত আৰু অন্তত সমিতিৰ লোকসকলৰ কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে বুলিও তেওঁ অৱগত কৰে ৷ আনহাতে , প্ৰতিমা স্থাপন বা বিসৰ্জনৰ ক্ষেত্ৰত সুবিধা হ’বৰ বাবে পূজাৰ প্ৰতিমাৰ জোখ সৰু কৰিবলৈও তেওঁ আহ্বান জনায় ৷ ষষ্ঠীত প্ৰতিষ্ঠা কৰা আৰু দশমীত বিসৰ্জন দিয়া–এই দুয়োটা কাৰ্যসূচীতে সীমিত লোকৰ উপস্থিতি নিশ্চিত কৰিবলৈও তেওঁ পূজা সমিতিৰ কৰ্মকৰ্তাসকলক আহ্বান জনায় ৷ আনহাতে , বিসৰ্জন পৰ্ব যিমানদূৰ সম্ভৱ দিনৰ ভাগতে সমাপ্ত কৰা সম্পৰ্কতো তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ সভাত আৰক্ষী অধীক্ষকৰ প্ৰতিনিধি গৰাকীয়ে পূজা উদযাপনৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আগবঢোৱাৰ আশ্বাস প্ৰদান কৰে ৷ তেওঁ লগতে পূজাথলীত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ উপৰি অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰা , যথাসম্ভৱ পাৰ্কিঙৰ ব্যৱস্থা কৰা , ৰাতি স্বেচ্চাসেৱক ৰখাটো নিশ্চিত কৰা , প্ৰতিমা বিসৰ্জন পোহৰতে সম্পন্ন কৰাৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনোৱাৰ লগতে বিশেষকৈ সন্দেহজনক কোনো বস্তু , বেগ আদি দেখা পালে ততালিকে আৰক্ষীক জনাবলৈও অনুৰোধ কৰে ৷ তদুপৰি জৰুৰীকালীন নম্বৰৰ তালিকা প্ৰতিখন পূজা মণ্ডপতে আঁৰি থোৱাৰ ব্যৱস্থা কৰিবলৈও তেওঁ অনুকিয়াই দিয়ে ৷ কালিৰ সভাত পূজা সমিতিৰ প্ৰতিনধিসকলৰ উপৰি জিলাখনৰ ৰাজহ চক্ৰ বিষয়াসকল আৰু তথ্য আৰু জনসংযোগ বিষয়াও উপস্থিত থাকে ৷ সভাত সকলোৱে আগন্তুক দুৰ্গা পূজা সুকলমে পালন কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ৷