সুধাকণ্ঠৰ আজন্ম অনুৰাগী ৰঙিয়াৰ গিৰেন্দ্ৰ ভূঞাৰ ব্যতিক্ৰমী অনুষ্ঠান

70

সুধাকণ্ঠৰ আজন্ম অনুৰাগী ৰঙিয়াৰ গিৰেন্দ্ৰ ভূঞাৰ ব্যতিক্ৰমী অনুষ্ঠান

ষ্টাফ ৰিপ’ৰ্টাৰ , ৰঙিয়া , ৮ ছেপ্টেম্বৰঃ অসমীয়া জনজীৱনৰ হীয়াৰ আমঠু ড: ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন আজি ৰঙিয়াৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় । প্ৰবাদ প্ৰতীম শিল্পী গৰাকীৰ আজন্ম অনুৰাগী গিৰেন্দ্ৰ ভূঞাৰ ব্যাতিক্ৰমী প্ৰচেষ্টাৰে তেখেতৰ নিজা বাসভৱনত ৰঙিয়াৰ তৰণীত ৯৫ সংখ্যক ওপজা দিন উদযাপন কৰা হয় । পত্নী পবিত্ৰা ভূঞা তথা মণ্ডলপাৰা চুবুৰীবাসী ৰাইজৰ সহযোগত আজি দ্বিতীয় বৰ্ষৰ বাবে সুধাকণ্ঠৰ জন্মদিনটো জাক জমকতাৰে অনুষ্ঠিত কৰা হয় । তদুপলক্ষে ৰাতিপুৱা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । আনহাতে , গছপুলি ৰোপন কৰাৰ লগতে দিনৰ ভাগত বটা বিতৰণী কাৰ্য্যসূচী আৰু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয় । সাংস্কৃতিক কাৰ্য্যসূচীত কণ কণ শিশু তথা শিল্পী সকলে ভূপেন্দ্ৰ গীত গাই অনুষ্ঠানটো জীপাল কৰি তোলে । উল্লেখযোগ্য যে , পিতৃ জ্ঞান কৰা সুধাকণ্ঠৰ মহাপ্ৰয়ানৰ পাছত গিৰেন্দ্ৰ ভূঞাই একেৰাহে তিনি দিনকৈ উপবাসে থাকি অকৃত্ৰিম শ্ৰদ্ধা তথা ভালপোৱাৰ নিদৰ্শন দাঙি ধৰিছিল । ভূঞাৰ এই প্ৰচেষ্টাৰ শলাগ লয় গাওঁবাসীয়ে ।