স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে শিৱসাগৰত নেহেৰু যুৱ কেন্দ্ৰৰ ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰ

156

স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশৰূপে শিৱসাগৰত নেহেৰু যুৱ কেন্দ্ৰৰ ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ, অমৃত কুমাৰ শৰ্মা , ১৪ আগষ্টঃ কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ নেহেৰু যুৱ কেন্দ্ৰ,শিৱসাগৰৰ উদ্যোগত শিৱসাগৰত ফিট ইণ্ডিয়া ফ্ৰীদম দৌৰ ২.০-ৰ আয়োজন কৰা হয় । নেচনেল ছাৰ্ভিচ স্ক্ৰীম(NSS)ৰ সহযোগত আয়োজিত হোৱা এই দৌৰ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা শিৱসাগৰ সদৰৰ মহকুমা বিষয়া মন্দিৰা বৰুৱাই পতাকা জোকাৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । সুস্থ সৱল আৰু নিৰোগী হৈ থকাৰ বাবে প্ৰত্যেক ব্যক্তিয়ে দৈনিক ৩০ মিনিটৰ শাৰীৰিক গতিবিধি সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিশত জনজাগৰণ সৃষ্টি কৰাৰ বাবে আয়োজন কৰা দৌৰত বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু নেহেৰু যুৱ কেন্দ্ৰৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে । এই দৌৰ আৰম্ভ হোৱাৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলক নিজৰ জীৱনত শাৰীৰিক গতিবিধি সংযোগ কৰাৰ শপত বাক্য পাঠ কৰোৱা হয় । দেশৰ ৭৫ তম্‌ স্বাধীনতা দিৱস উদ্‌যাপনৰ লগত সংগতি ৰাখি আয়োজন কৰা স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশৰূপে আয়োজিত এই দৌৰৰ পূৰ্বে অংশগ্ৰহণকাৰী সকলে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে ৷ অনুষ্ঠানটিত অন্যান্য সকলৰ লগতে নেহৰু যুৱ কেন্দ্ৰৰ বিষয়া পাপাই দাস উপস্থিত থাকে ।