হত্যাকাৰীৰক ৰক্ষণা ৱেক্ষণ দিয়াৰ অভিযোগত লাহোৱাল থানা ঘেৰাও মহিলা মঞ্চৰ

118

হত্যাকাৰীৰক ৰক্ষণা ৱেক্ষণ দিয়াৰ অভিযোগত লাহোৱাল থানা ঘেৰাও মহিলা মঞ্চৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,ৰশ্মিৰেখা সাউদ কলিতা,ডিব্ৰুগড়,২৬ আগষ্ট : পত্নী হত্যা কাণ্ডত অভিযুক্তক ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগত আজি লাহোৱাল বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে থানা ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰি লাহোৱালৰ আকাশ-বতাহ কঁপাই তোলে ৷ উল্লেখযোগ্য যে , ২৪ আগষ্টৰ নিশা মোহনবাৰী জেমছ ৱাৰেন তিনিআলিৰ নিবাসী তথা হোটেল ব্যৱসায়ী মজিন্দ্ৰ বৰাই পত্নী পৰিণীতা গন্ধিয়া বৰাক হত্যা কৰি দুৰ্ঘটনাত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকক জনোৱাৰ পাছত পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে এই সন্দৰ্ভত চাবুৱা,লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ গৈছিল ৷ কিন্তু দুৰ্ভাগ্যজনক কথা যে , চাবুৱা থানাই ঘটনাটো লাহোৱাল থানাৰ অন্তৰ্গত হোৱা বুলি কৈ লাহোৱালত এজাহাৰ দাখিল কৰিবলৈ কোৱাত পৰিয়ালৰ লোকে ৰাতিৰ ভিতৰতে লাহোৱাল থানাত উপস্থিত হৈছিল ৷ কিন্তু মন কৰিবলগীয়া কথা যে , লাহোৱাল থানাই পৰিণীতাৰ পৰিয়াল বৰ্গই দাখিল কৰিবলৈ লোৱা এজাহাৰখন গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ৷ মৃত পৰিণীতা গন্ধিয়া বৰাক পতি মজিন্দ্ৰ বৰাই শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই থকাৰ লগতে অন্য মহিলাৰ লগত অবৈধ সম্পৰ্ক থকাৰ কথা নিজেই মোহনবাৰী আৰক্ষীক জনাই ভৱিষ্যতে এনে নকৰে বুলি লিখিত প্ৰতিশ্ৰুতি পত্ৰ প্ৰদান কৰিছিল ৷ আৰক্ষীৰ সন্মুখত লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো পত্নী পৰিণীতা গন্ধীয়া বৰাক দৈনিক নিমৰ্ম অত্যাচাৰ চলোৱাৰ লগতে প্ৰাণে মৰাৰো ভাবুকি দিয়া বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছিল ৷ মজিন্দ্ৰ বৰাই পৰিণীতাৰ পৰিয়ালক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি ফোন কৰিছিল যদিও দুৰ্ঘটনা হোৱা ঠাইত তেনে কোনো দুৰ্ঘটনা হোৱা নাই বুলি পৰিয়াল তথা প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰাৰ লগতে মূৰত আৰু মুখত আঘাতৰ চিন স্পষ্ট ৰূপত দেখিবলৈ পোৱাত পৰিণীতা বৰাযে দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল , সেই কথা পৰিয়ালৰ লোকে সন্দেহ কৰি আৰক্ষীক মজিন্দ্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বিচাৰিছিল ৷ কিন্তু লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ লগতে থানাখনত থকা আন আৰক্ষী বিষয়া তথা কনিষ্টবল কেইগৰাকীয়ে এজাহাৰখন ল’বলৈ অমান্তি হোৱাৰ লগতে কোনোধৰণৰ গোচৰ পঞ্জীয়ন নকৰাৰ প্ৰতিবাদত আজি বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে ইয়াৰ বিৰোধিতা কৰি লাহোৱাল থানা ঘেৰাও কৰে ৷ লাহোৱাল থানা হাই হাই , আৰক্ষী প্ৰশাসন মুৰ্দাবাদ ধ্বনিয়ে লাহোৱালৰ আকাশ-বতাহ মুখৰিত কৰি তোলাৰ লগতে হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত পৰিণীতা বৰাৰ স্বামী মজিন্দ্ৰ বৰাৰো পৰিয়ালবৰ্গক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ লগতে এই হত্যাৰ উচিত তদন্তৰ দাবী জনায় ৷ মন কৰিবলগীয়া কথা যে , অসম চৰকাৰৰ আৰক্ষী সঞ্চালকপ্ৰধানে আৰক্ষী থানাসমূহ সৰ্বসাধাৰণ লোকৰ বাবে সমূহীয়া বৈঠক তথা সমস্যা সমাধানৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনোৱাৰ সময়তে লাহোৱাল থানাই এগৰাকী বোৱাৰীৰ মৃত্যু হোৱাৰ ঘটনাৰ সন্দৰ্ভত এজাহাৰ গ্ৰহণ নকৰাটোৱে অসম আৰক্ষীৰ ফোঁপোলা স্বৰূপটো উদঙাই দিয়ে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ৷ পত্নী হত্যাকাণ্ডৰ মূল অভিযুক্ত মজিন্দ্ৰ বৰাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত পৰিয়ালৰ লোকসকলকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে ৷ অন্যহাতে, লাহোৱাল আৰক্ষী থানাৰ বিষয়া তথা আৰক্ষীয়ে ভুক্তভোগী পৰিয়ালৰ এজাহাৰ গ্ৰহণ নকৰি মানসিকভাৱে হাৰাশাস্তি কৰা কাৰ্যত বৃহত্তৰ মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ অন্নপূৰ্ণা নাথে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে আৰক্ষী প্ৰশাসনক গৰিহণা দিয়ে ৷