হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু ৰঞ্জন শৰ্মালৈ কৃতি শিক্ষকৰ সম্বৰ্ধনা প্ৰদান

49

হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতু ৰঞ্জন শৰ্মালৈ কৃতি শিক্ষকৰ সম্বৰ্ধনা প্ৰদান

৬০ সংখ্যক শিক্ষক দিৱসৰ দিনাই তেজপুৰস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এই সম্বৰ্ধনা জ্ঞাপন কৰিলে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে

দুৰ্নীতিৰ দৰ্পণ সেৱা ,জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৭ চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ জামুগুৰি উত্তৰাঞ্চলৰ বাবে এক সুখৰ খৱৰ । উত্তৰাঞ্চলৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জামুগুৰিস্থিত সৰুভগীয়া নিবাসী জিতু ৰঞ্জন শৰ্মালৈ ৬০ সংখ্যক শিক্ষক দিৱসৰ ৰবিবাৰৰ দিনাই উষানগৰী তেজপুৰস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত শোণিতপুৰ জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা কৃতি শিক্ষক হিচাপে জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ হাতৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে । উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি । শৰ্মাই ১৯৭৮ চনত প্ৰবেশিকা পৰীক্ষাত উৰ্ত্তিন্ন হৈ ১৯৮০ চনত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উৰ্ত্তিন্ন হোৱাৰ পিছতে ছাত্ৰ আন্দোলন হোৱাৰ বাবে কেইবছৰমান অবাবত সময়বোৰ নষ্ট হ’ল যদিও ১৯৮৭ চনত দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় । তাৰ পিছতে ১৯৮৯ চনত অপ্ৰাদেশীকৃত অৱস্থাত হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে শৰ্মাই । সুদীৰ্ঘ প্ৰায় ২৫ বছৰ কাল শিক্ষকতাৰ দৰে মহান বৃৰ্তি গ্ৰহণ কৰি ওলাই অহাৰ কথা তেওঁ ভাবিবই নোৱাৰিলে । এনেদৰেই ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকিকৰণ হয় । ঠিক একেদৰে শিক্ষকতা কৰি থকা অৱস্থাতে পুনৰ ২০১৬ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা শৰ্মাই প্ৰধান শিক্ষকৰ দায়িত্ব লব লগা হয় । এফালে প্ৰধান শিক্ষক আনফালে বিজ্ঞান শিক্ষকৰ দৰে দুয়োটা গধুৰ দায়িত্ব চলাই নিয়াত অসুবিধা হলেও এক নতুন উৎসাহেৰে নিজৰ কৰ্ম দায়িত্ব সততাৰে পালন কৰি গৈছিল শৰ্মাই । আগুন্তুক ২০২২ চনৰ জানুৱাৰী মাহত শৰ্মাই অৱসৰ লব যদিও শিক্ষা বিভাগৰ ফালৰ পৰা কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰাৰ খৱৰে তেওঁক অধিক আনন্দিত কৰায় । শৰ্মাই শিক্ষকতাৰ কালছোৱাত বিভিন্ন শিক্ষাৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠান সমুহত যোগদান কৰাত প্ৰায় ২৫ খন মান প্ৰমান পত্ৰ পাবলৈকো সক্ষম হয় । তেওঁৰ এনে সুখৱৰৰ বাবে অঞ্চলবাসীৰ লগতে হাটিঙা অঞ্চলৰ ৰাইজো আনন্দিত হোৱা পৰিলক্ষিত হয় ।