হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে আশা তত্বাৱধায়ক সকলৰ আলোচনা

113

হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ সৈতে আশা তত্বাৱধায়ক সকলৰ আলোচনা

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২৮ ছেপ্টেম্বৰঃ অহা ২ অক্টোবৰত সমগ্র অসমত অনুষ্ঠিত হ’বলগীয়া বৃহৎ ক’ভিড-১৯ টীকাকৰণ অভিযানৰ লগত সংগতি ৰাখি হোজাই জিলাত এই প্ৰক্ৰিয়াক এক ব্যাপক ৰূপ দিয়াৰ লক্ষ্যৰে উপায়ুক্ত অনুপম চৌধুৰীয়ে বিভিন্ন পৰিকল্পনা হাতত লৈছে। এই উদ্দেশ্যে আজি যোগীজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আশা তত্বাৱধায়ক সকলৰ লগত এক আলোচনাত মিলিত হয় ৷ আলোচনাকালত উপায়ুক্ত গৰাকীয়ে উপস্থিত আশা তত্বাৱধায়ক সকলক উদ্দেশ্যে কৰি কয় যে, হোজাই জিলাত ক’ভিড টীকাকৰণ প্ৰক্রিয়াটোক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা অপৰিসীম। গতিকে ক’ভিডমুক্ত এখন সমাজ গঢ়াৰ স্বাৰ্থত সততা আৰু নিষ্ঠাৰে কাম কৰি যাবলৈ আহ্বান জনায় আৰু লগতে নিজৰ নিজৰ এলেকাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি ওচৰৰ টীকাকৰণ কেন্দ্ৰত গৈ টীকা গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ কয় ৷ আজিৰ এই আলোচনাত অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।