১৭৯ খন জলজীৱন আঁচনি বঢ়মপুৰত হব , ঠিকাদাৰৰসমূহে কামৰ গুণগত মানদণ্ড উন্নত কৰিব লাগিবঃ মন্ত্ৰী ৰঞ্জিত দাস

56

১৭৯ খন জলজীৱন আঁচনি বঢ়মপুৰত হব , ঠিকাদাৰৰসমূহে কামৰ গুণগত মানদণ্ড উন্নত কৰিব লাগিবঃ মন্ত্ৰী ৰঞ্জিত দাস

দুৰ্নীতিৰ দৰ্পণ সেৱা ,ৱাহিদুদ জামান , নগাওঁ ,৩১ আগষ্ট :’মানুহক কেৱল চৰকাৰী ঘৰ দিলেই নহব । ঘৰৰ লগত বাকী আনুসংগিক আঁচনিসমূহো দিব লাগিব। ৰাজ্যত আগষ্ট মাহলৈকে ২,০৩,৯৩০ টা পৰিয়ালৰ ঘৰত আমি জল-জীৱন আঁচনিৰ সংযোগ দিবলৈ সক্ষম হৈছো ।’- এই মন্তব্য ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ , গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ । আজি নগাঁও জিলাৰ বঢ়মপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বেজৰচুক পানীযোগান আঁচনি ৰাইজলৈ সমৰ্পিত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয় যে-নগাঁও সংমণ্ডলৰ অন্তৰ্গত মুঠ ৩৫৯ খন আঁচনিৰ ভিতৰত ১৭৯ খন জল-জীৱন আঁচনি বঢ়মপুৰৰ হ’ব । এই আচঁনিবোৰ বঢ়মপুৰ অঞ্চলত কাৰ্যকৰী হৈ উঠিলে খোৱাপানীৰ সমস্যা নোহোৱা হ’ব । পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলকে ধৰি সমষ্টিটোৰ চাহ বাগানৰ অঞ্চলত ১৭৯ খন আঁচনিৰ ভিতৰত ১৬ খন আঁচনি স্থাপন কৰা হ’ব ।’ আচনিৰ কামত নিয়োজিত ঠিকাদাৰক আওপকীয়াকৈ সকিয়নী দি মন্ত্ৰীজনে কয় যে-‘ঠিকাদাৰৰসমূহে কামৰ গুণগত মানদণ্ড উন্নত কৰিব লাগিব । কাৰণ তেওঁ গুণগত মানদণ্ডৰ ক্ষেত্ৰত আমি কেতিয়াও আপোচ নকৰো ।’ আগন্তুক দিনত এখনো বিকল আঁচনি বঢ়মপুৰত নাথাকিব বুলিও মন্ত্ৰীজনে কয় । খাদ্য আৰু অসামৰিক যোগান বিভাগৰো দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দাসে অসমত এক লাখ সাত হাজাৰ লোকক নতুনকৈ ৰেচনকাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে বুলিও ভাষণ প্ৰসঙ্গত কৈ চাকৰিয়াল লোক সকলক মন্ত্ৰী গৰাকীয়ে ৰেচন কাৰ্ড ঘূৰাই দিবলৈ আহ্বান জনায় । তেওঁ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনি সমূহত নিয়োজিত কৰ্মী সকলক শীঘ্ৰেই নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে । বঢ়মপুৰ গাঁও পঞ্চায়তৰ সভাপতি কুশল বৰাই সভাপতিত্ব কৰা সভাখনত ভাষন প্ৰদান কৰি বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কয় যে-‘আজি সঁচাকৈ বঢ়মপুৰবাসী ৰাইজৰ কাৰণে গৌৰৱৰ দিন । পানীৰ অসুবিধাৰ কাৰণে ২০১৯ চনত নৰেন্দ্ৰ মোদীৰ দ্বাৰা এই জলজীৱন আঁচনিখন প্ৰৱৰ্তন হৈছিল । ২০২৪ চনত এই আঁচনিখন বন্ধ হ’ব । বঢ়মপুৰ সমষ্টিৰ ২০২৪ চনলৈ এই আঁচনি প্ৰৱৰ্তনৰ বাবে আমি ৰৈ নাথাকো । আমি ২০২২ চনৰ ডিচেম্বৰৰ আগত বঢ়মপুৰ সমষ্টিৰ প্ৰতিটো পঞ্চায়তৰ প্ৰতিখন গাঁৱত ঘৰে ঘৰে জল,ঘৰে ঘৰে নল হ’ব বুলি আমি প্ৰতিশ্ৰুতি দিলোঁ ।’ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰে ।তেওঁ কয় যে-‘পানীয়েই জীৱন জীৱন অতিবাহিত কৰিবৰ বাবে পানীৰ প্ৰয়োজন । সেয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যি ২০২৪ চনত ঘৰে ঘৰে পানীৰ বাবে জলজীৱন আঁচনি গ্ৰহণ কৰিছে , এই আঁচনিয়ে সকলোলোকে জীয়াই থকাৰ মূল উপকৰণ দিব । অসমত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসৰ তদাৰকত এই আঁচনিৰ কাম কাজ সঠিক ভাবে ৰূপায়িত হব বুলি আমি নিশ্চিত । অসমত মন্ত্ৰী মহোদয়ে ইয়াক জন আন্দোলনলৈ পৰিণত কৰিছে । প্ৰসংগক্ৰমে বিধায়ক শৰ্মাই খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ আহ্বানত নগাঁৱৰ আঢ্যবন্ত ঘৰৰ লোকে ৰেচন কাৰ্ড উভতাই দিয়াৰ কথাকৈ তেওঁলোকক প্ৰশংসা কৰে । সভাৰ উদ্দেশ্য বাখ্যা কৰে নগাঁও সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা পংকজ বৰদলৈয়ে । সভাখনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই , নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভন , নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ,কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া , বঢ়মপুৰ মণ্ডলৰ বিজেপিৰ সভানেত্ৰী নিভা শৰ্মা , বঢ়মপুৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰীনা দাস বৈষ্ণৱ , নগাঁও সংমণ্ডলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকল আৰু বিজেপিৰ দলীয় কৰ্মকৰ্তা উপস্থিত থাকে । উল্লেখযোগ্য যে , বঢ়মপুৰৰ বেজৰচুক পানীযোগান আচনিখন সুদীৰ্ঘ বছৰৰ মূৰত উদ্বোধন হয় । এই অঞ্চলটোত বিশুদ্ধ পানীৰ অভাৱত থকা ৰাইজে বছৰ বছৰ ধৰি কুৱা , দমকলৰ আয়ৰণ যুক্ত পানী পান কৰিব লগা হৈছিল । ৬৪.৮০ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানী যোগান প্ৰকল্পটোৰ পৰা বঢ়মপুৰৰ প্ৰায় ২৭০ ঘৰ লোক উপকৃত হ’ব ।