১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন , দেশজুৰি ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পাতিব বিজেপিয়ে

173

১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন , দেশজুৰি ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিন পাতিব বিজেপিয়ে

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , ১৩ ছেপ্তেম্বৰঃ ১৭ ছেপ্তেম্বৰত ৭১ বছৰীয়া হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশজুৰি বিজেপিয়ে ২০ দিনজোৰা কাৰ্যসূচীৰে পালন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ৷ অসম প্ৰদেশ বিজেপিয়েও লৈছে বিস্তৃত কাৰ্যসূচী ৷ এই সন্দৰ্ভত সোমবাৰে ৰাজ্যিক বিজেপিয়ে এখন সংবাদমেল সম্বোধন কৰে । সেৱা আৰু সমৰ্পণ নীতিৰে উদযাপিত হ’ব মোদীৰ জন্মদিন । কেক কাটি বা আন আড়ম্বৰতাৰে বিজেপিয়ে পালন নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক ওপজা দিন ৷ দেশজুৰি বিজেপিয়ে মোদীৰ জন্মদিন পালন কৰিব এক ব্যতিক্ৰমী ৰূপত ৷ অসম প্ৰদেশ বিজেপিয়ে লৈছে ২০ দিনীয়া কাৰ্যসূচী ৷ ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন উপলক্ষে প্ৰায় ৪২ লাখ বিজেপি সদস্যই ঘৰে-ঘৰে প্ৰজ্বলন কৰিব বন্তি । ১৫ হাজাৰ বুথৰ নামঘৰ আৰু মন্দিৰত আগবঢ়াব নৈবেদ্য । যদিহে কোনো বুথৰ অন্তৰ্গত মছজিদ , গীৰ্জা আছে , তাতো যদি কোনোবাই মম জ্বলাব খোজে , তাৰ অনুমতি দিছে দলীয় নেতৃত্বই ৷ ইফালে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীৰ্ঘায়ু জীৱন কামনা কৰি অসমৰ পৰা ১০ লাখ প’ষ্টকাৰ্ড প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীলৈ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন যাতে সেৱাৰ বাবে উৎসৰ্গিত হয় , তাৰ বাবে নিৰ্ধাৰিত ২০ দিনীয়া জন্মদিন কাৰ্যসূচীৰ ভিতৰত ৫ হাজাৰ যুৱকে কৰিব জিলা সদৰ সমূহত ৰক্তদান ৷ ইয়াত আগভাগ ল’ব দলটোৰ অন্যতম শক্তি যুৱ মৰ্চাই ৷ ইয়াৰ মাজতে দিব্যাংগ সকলক প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী দিব বিজেপিয়ে ৷ গাৱেঁ গাঁৱে গৈ মহিলাক আইৰণ টেবলেট , নিউট্ৰিছন আদি প্ৰদান কৰিব অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাই ৷ যাৰ বাবে তৎপৰতা বৃদ্ধি আঙুৰলতা ডেকাকে ধৰি মহিলা মৰ্চাৰ বিষয়ববীয়াৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিনত অসম প্ৰদেশ বিজেপিয়ে প্লাষ্টিক মুক্ত কৰিবৰ বাবে ৭১ টা জলাশয় , পুখুৰী তথা মৃতপ্ৰায় নদী কৰিব পৰিষ্কাৰ । কেৱল ইমানেই নহয় ১৭ ছেপ্তম্বৰত বিশ্বকৰ্মা পূজা হৈ যোৱাৰ পিছত অলাই আথানি হোৱা প্ৰতীমা সমূহ বিসৰ্জনৰো ব্যৱস্থা কৰিব বিজেপিয়ে ৷ বিজেপিৰ এই সকলোবোৰ কাৰ্যসূচীত ভাগ ল’ব দলটোৰ শীৰ্ষ নেতৃত্বৰ পৰা বুথৰ সদস্যলৈকে ৷ সোমবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰিলে দলটোৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস আৰু মুখপাত্ৰ কিশোৰ উপাধ্যায়ে ৷