“৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল” , জন আশীৰ্বাদ যাত্ৰাত নৱ নিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

287
“৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল” , জন আশীৰ্বাদ যাত্ৰাত নৱ নিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ২২ আগষ্ট : “দেশত আমুল পৰিৱৰ্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো চেষ্টাৰ ত্ৰুটি কৰা নাই । ভাৰতবৰ্ষক বিশ্বৰ বুকুত শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ নিমিত্তে কাম কৰি গৈছে । এই ক্ষেত্ৰত তেওঁ অধিক সফল হ’বলৈ বৃহত্তৰ অসমীয়া জাতি তথা গুৰুজনাৰ আশীৰ্বাদ বিচাৰিছে ।”- এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নৱ নিযুক্ত কেন্দ্ৰীয় বন্দৰ , জাহাজ , আয়ুস আদি বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ । আজি নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ আজিৰ দিনটো অন্তিমটো কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোনোৱালে লগতে কয় , বিগত ৫৫ বছৰীয়া কংগ্ৰেছৰ শাসন কালত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো উন্নয়ন নহ’ল ।’ এই অঞ্চলৰ ৰাইজক কংগ্ৰেছে প্ৰতাৰণা কৰি গল বুলি উল্লেখ কৰি সোনোৱালে কয় , কংগ্ৰেছৰ দিনত অসমৰ ৰাইজে শিক্ষা , স্বাস্থ্য , যাতায়ত আদি কোনো দিশতে উন্নয়ন নেদেখিলে । ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাত বছৰীয়া কাৰ্যকালত ভাৰতবাসীৰ চকুত লগাকৈ কাম কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে বিশেষকৈ উঠি অহা প্ৰজন্ম‌ই বহু কাম কৰাৰ সুবিধা পালে । এই গৰাকী প্ৰধানমন্ত্ৰী থাকিলে দেশত শান্তি-সমন্বয় অব্যাহত থাকিব বুলি সোনোৱালে ভাষণ প্ৰসংগত মন্তব্য কৰে । এই গৰাকী প্ৰধানমন্ত্ৰীক অসমৰ ৰাইজক আশীৰ্বাদ দিব লাগে বুলি উল্লেখ কৰি তেওঁ লগতে কয় , এইগৰাকী প্ৰধানমন্ত্ৰী থাকিলে ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ ৰাইজে নিজৰ নিজৰ স্বাভিমান লৈ জীয়াই থাকিবলৈ সক্ষম হ’ব । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্ৰশংসা কৰি সোনোৱালে কয় , তেওঁ বিগত ১০০টা দিন সফলতাৰে সম্পন্ন কৰিছে।  বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মাই আত ধৰা সভাখনত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিজৰ চমু ভাষণত কয় , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ‌ই ৰাষ্ট্ৰ গুৰুৰ আসন দখল কৰিবলৈ সক্ষম হ’ব । তেওঁ সৰ্বানন্দ সোনোৱাল প্ৰসংগত কয় যে , বিগত দুটা দিনত নৱ নিযুক্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক ৰাইজে যিদৰে অভূতপূৰ্ব আশীৰ্বাদ প্ৰদান কৰিলে , তাৰ বাবে সকলোৱে ধন্যবাদৰ পাত্ৰ । উক্ত সভাতে শ্ৰীমন্ত শংকৰ সংঘৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতি , এক শৰণ ভাগৱতী সমাজ , নগাঁও জিলা সাহিত্য সভা , নগাঁও নাট্য সমিতি , নগাঁও বেঙলী সন্মিলনী , নগাঁও গুৰুদ্বাৰ প্ৰবন্ধক সমিতি আৰু শিখ সমাজ , নগাঁও নাট্য চ’ৰা , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ , নগাঁও মাৰোৱাৰী সন্মিলনী , নগাঁও মাৰোৱাৰী যুৱ মঞ্চ , হয়বৰগাঁও ব্যৱসায় সন্থা , নগাঁও ক্ৰীড়া সন্থা , নগাঁও সুত সন্মিলন , কোচ ৰাজবংশী উন্নয়ন পৰিষদ , তিৱা ছাত্ৰ সন্থা, নেপালী সাহিত্য সভা , গুৰুকুল গ্লবেল একাডেমী , সেউজ নগাঁও , অখিল অসম ভোজপুৰী সন্মিলন , ভোজপুৰী জাতীয় সন্মিলন , অল্মান গোষ্ঠী , সংগীত সংঘ , নগাঁও জিলা যোগ সন্থা , নগাঁও জিলা নাথ যোগী সন্মিলন , নগাঁও লায়ন্স ক্লাৱ , নগাঁও ৰটাৰী সন্থা , অসম গণ পৰিষদ , অগপৰ মহিলা মৰ্চা , ভাৰতীয় জনতা পাৰ্টি আদি ধৰি বহু কেইটা সংগঠনে সৰ্বানন্দ সোনোৱালক গামোচা , শৰাই আদিৰে উঞ্চ আদৰণি জনায় । এই অনুষ্ঠানটো আঁত ধৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । কেবা শতাধিক ৰাইজ উপস্থিত থকা সভাখনত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী , প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই , ৰাজ্যৰ জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা , ৰাজ্য সভাৰ সদস্য কামাখ্যা প্ৰসাদ তাছা , বিধায়ক ক্ৰমে ৰূপক শৰ্মা , জিতু গোস্বামী , ৰামকৃঞ্চ ঘোষ আদিকে ধৰি দলৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ।