৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমূহুত্বত বাৰপূজীয়াত শ্বহীদক অপমান , বাৰপূজীয়া গাঁও পঞ্চায়তৰ সন্মুখতে শ্বহীদ হেমৰাম পাতৰৰ আৱক্ষ মূৰ্তিৰ সন্মুখত চাৰ্টহাউছ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

618

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমূহুত্বত বাৰপূজীয়াত শ্বহীদক অপমান , বাৰপূজীয়া গাঁও পঞ্চায়তৰ সন্মুখতে শ্বহীদ হেমৰাম পাতৰৰ আৱক্ষ মূৰ্তিৰ সন্মুখত চাৰ্টহাউছ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৩ আগষ্ট ঃ যি সকল বীৰ শ্বহীদৰ আত্মত্যাগৰ বাবে সমগ্ৰ দেশে স্বাধীনতা লাভ কৰিলে , সেই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মূহূৰ্তত মৰিগাঁও জিলাৰ বাৰপূজীয়াস্থিত ৪২ ৰ বীৰ শ্বহীদ হেমৰাম পাতৰৰ আৱক্ষ মূৰ্তিক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলাখনৰ বাৰপূজীয়া গাঁও পঞ্চায়তৰ সন্মুখত বীৰ শ্বহীদ জনাৰ আৱক্ষ মূৰ্তি স্থাপন কৰি স্বাধীনতা দিৱস,গণৰাজ্য দিৱৰ উপৰিও শ্বহীদ দিৱসৰ দিনটোত স্মৰণ কৰি আহিছে ৷ কিন্তু শেহতীয়াকৈ বীৰ শ্বহীদ জনাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত তথা বাৰপূজীয়া গাঁও পঞ্চায়তৰ সন্মুখতে এখন চাৰ্টহাউছ স্থাপন কৰি বীৰ জনাক অপমান কৰা পৰিলক্ষিত হৈছে ৷ যি সকল বীৰ শ্বহীদৰ আত্ম বলিদানৰ বাবে দেশে স্বাধীনতা লাভ কৰিলে , তেনে এজন বীৰ শ্বহীদক ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমূহুত্বত বীৰ জনাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত চাৰ্টহাউছ স্থাপন কৰি বীৰ জনাক অপমান কৰা কাৰ্যই এতিয়া বাৰপূজীয়াৰ লগতে সমগ্ৰ মৰিগাঁও জিলাখনতে তীব্ৰ চাঞ্চল্য সৃষ্টি হয় । লগতে যি জন ব্যক্তিয়ে বীৰ জনাক অপমান কৰি চাৰ্টহাউছ খন স্থাপন কৰিলে , সেইজন ব্যক্তিক তীব্ৰ গৰিহণা দিছে জিলাখনৰ একাংশ সচেতন ৰাইজে ৷ এই ক্ষেত্ৰত বীৰ জনাৰ পৰিয়ালৰ লগতে জিলাখনৰ সচেতন মহলে জিলা প্ৰশাসনৰ এই বিষয়ত তাৎক্ষণিকভাৱে প্ৰদক্ষেপ গ্ৰহণ কৰি চাৰ্টহাউছ খন বীৰ জনাৰ আৱক্ষ মূৰ্তিৰ সন্মুখৰ পৰা উচ্ছেদ কৰিবলৈ দাবী জনাইছে ৷