ৰঙাপৰা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ অনাৰ্চ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

69

ৰঙাপৰা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ অনাৰ্চ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দাবীত স্মাৰক পত্ৰ প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা, ৰঙাপৰা , ১৫ ছেপ্টেম্বৰ : ৰঙাপৰা , বালিপৰা আৰু চাৰিদুৱাৰ মৌজাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান ৰঙাপৰা মহাবিদ্যালয়ত বুৰঞ্জী বিভাগৰ অনাৰ্চ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে কালি বালিপৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থা , সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাকে ধৰি অঞ্চলতটোত থকা বিভিন্ন দল সংগঠনে ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ ৰঞ্জন কলিতাক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু বিষয়টো গুৰুত্বসহকাৰে লবলৈ দাবী জনায় । বৃহত্তৰ অঞ্চলটোৰ ইচ্ছুক বহু ছাত্ৰ-ছাত্ৰীয়ে এই বিভাগত অনাৰ্চলৈ পঢ়িবলৈ বহু অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে । আৰু সেইবাবেই এই স্মাৰক পত্ৰ প্ৰদান কৰা হয় বুলি ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিনাশ বৰাই সংবাদ মাধ্যমক অৱগত কৰে । মহাবিদ্যালয়ৰ অধ্যক্ষই আশ্বাস দিয়ে যে , অনতিপলমে এই বিষয়টো গুৰুত্ব আৰোপ কৰি ছাত্ৰ ছাত্ৰীৰ দীৰ্ঘদিনিয়া সমস্যা সমাধান কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে বুলিও তেওঁ উল্লেখ কৰে । স্মাৰক পত্ৰ প্ৰদানত উপস্থিত থাকে ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিনাশ বৰা , সভাপতি বাপন দাস বড়ো , বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গুলজাৰ আলি ।