ৰঙিয়া-লতিবাৰী পথনিৰ্মাণত কৰ্তৃপক্ষৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

132

ৰঙিয়া-লতিবাৰী পথনিৰ্মাণত কৰ্তৃপক্ষৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে প্ৰতিবাদ

ষ্টাফ ৰিপ’ৰ্টাৰ , চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ৰঙিয়া , ৮ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আচনীৰ অধিনত ২৫০ কৌটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰঙিয়াৰ পৰা লতিবাৰী হৈ নাগ্ৰীজুলি সংযোগী পথচোৱাত ঠিকাদাৰ তথা কৰ্তৃপক্ষই নীতিবহি:ৰ্ভূত ভাৱে যত যেনেকৈ পাৰে জৰীপ চলাই ১২ মিটাৰ বহল কৈ নিৰ্মাণ হ’বলগীয়া পথটোৰ ঠায়ে ঠায়ে ৬০ ফুট পৰ্যন্ত জৰীপ কৰা পৰিলক্ষিত হৈছে । যাৰ ফলত ৰাইজ শংকিত হৈ পৰিছে । পথটোৰ দাতীকাষৰীয়া অঞ্চলত বসবাস কৰা একাংশ লোকে চৰকাৰে তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰাৰ শংকাত ভূগীছে । যাৰ বাবে আজি ৰঙিয়াৰ বিজুলী নগৰ অঞ্চলত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰৰ বৈষম্যমূলক নীতি পৰিহাৰ কৰক , ৰঙিয়া-লতিবাৰী পথত হোৱা অনিয়ম নচলিব , ঠিকাদাৰৰ মইমতালী নচলিব , পথ নিৰ্মাণৰ আচনী ৰাজহুৱা কৰক আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে । ইয়াৰোপৰী ৰাইজে পথটো সঠিকভাৱে জোখ-মাপ কৰি নিৰ্মাণ কৰাৰ দাবী জনাইছে ।