গোলাঘাটত পুণৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ বিক্ষোভ

119

গোলাঘাটত পুণৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ বিক্ষোভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ৯ আগষ্ট : ৰাজ্যত অব্যাহত বৰ্ধিত মূল্যবৃদ্ধিৰ জোৱাৰ ৷ এফালে ক’ৰণাকালীন পৰিস্থিতিত ৰাইজ SOP সমূহৰ বাবে ৰাইজৰ ওলাই যাব নোৱাৰা অৱস্থা । আনহাতে , তেনে সময়তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ সীমা চেৰাই যোৱা মূল্যবৃদ্ধিত হাহাকাৰ সৰ্বসাধাৰণ জনতা বুলি মত প্ৰকাশ ৰাইজৰ ৷ সেইমৰ্মে,অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে ,যোগান বিভাগৰ লগতে চৰকাৰখনক বৰ্ধিত মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা বুলি কটু সমালোচনা আগবঢ়াই আজি গোলাঘাট নগৰৰ মাজ মজিয়া খ্যাত গোলাঘাট পৌৰসভা আৰু ত্ৰিমূৰ্তি ক্ষেত্ৰৰ সন্মূখতে তথা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সমীপতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ বুলি অভিহিত চৰকাৰখনৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাই মূল্যবৃদ্ধি ৰোধ কৰক , মুখ্যমন্ত্ৰী হায় হায় , যোগান মন্ত্ৰী হায় হায় আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে আকাশ বতাহ কঁপাই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে আৰু লগতে এই মূল্যবৃদ্ধিৰ যি প্ৰতিযোগিতা চলি আছে,চৰকাৰে সেই প্ৰতিযোগিতাখন সমাপ্ত কৰি মূল্যবৃদ্ধি হ্ৰাস কৰিব লাগে । অন্যথা আৰু অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে চৰকাৰখনক সুংকাৰ প্ৰদান কৰে । আনহাতে , ৰাজ্যৰ প্ৰতিটো সমস্যাৰ বাবেই যে ৰাজ্যবাসীয়ে আন্দোলনৰ পন্থা ল’ব লগা হয় , চৰকাৰখনে কিয় নেদেখে বা নুবুজে বুলি প্ৰশ্ন উত্থাপন একাংশ সচেতন মহলৰো ৷