চি আই টি ইউৰ উদ্যোগত দেৰগাঁৱত “ভাৰত বচাও” কাৰ্যসূচী ৰূপায়ন

96

চি আই টি ইউৰ উদ্যোগত দেৰগাঁৱত “ভাৰত বচাও” কাৰ্যসূচী ৰূপায়ন

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ৯ আগষ্টঃ সমগ্ৰ দেশ জুৰি চি আই টি ইউকে ধৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি “ভাৰত বচাও” আন্দোলন কাৰ্য্যসূচী গ্ৰহণ কৰে।আন্দোলনৰ অংশস্বৰূপে অন্যান্য প্ৰান্তৰ লগতে গোলাঘাট জিলাৰ দেৰগাঁৱতো চি আই টি ইউৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।প্ৰতিবাদী সকলে দেৰগাঁৱৰ নৰেন শৰ্মা স্মৃতি পথাৰৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ ৰাজহুৱা সম্পদ প্ৰতিষ্ঠানৰ ব্যক্তিগত কৰনৰ বন্ধ কৰক, শ্ৰম আইন ৰক্ষা কৰক, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰক, ডিজেল পেট্ৰল ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।পূৱা ১১ বজাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত চি আই টি ইউৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক প্ৰকাশ হাজৰিকা, উপসভাপতি যুগল নাথ, নৰেন হাজৰিকা, সহকাৰী সম্পাদক গোবিন বৰা, জিলা সদস্য মনোজ শইকীয়া, মনোজ বৰা আদি বিষয়ববীয়া সকলৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে ।