ছাত্র-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বাক্সা পলিটেকনিক

357

ছাত্র-ছাত্ৰীৰ প্ৰতিবাদত উত্তাল বাক্সা পলিটেকনিক

দুৰ্নীতিৰ দৰ্পণ সেৱা, জিণ্টুমণি দাস, মুছলপুৰ, ৪ ডিচেম্বৰ : বাক্সা জিলাৰ মুছলপুৰস্থিত পলিটেকনিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে ল’ৰা আৰু ছোৱালী উভয়ৰে বাবে হোষ্টেলৰ ব্যৱস্থা কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, মাচুলৰ পৰিমাণ হ্ৰাস কৰা, পুথি ভৰালত পৰ্যাপ্ত পৰিমাণৰ গ্ৰন্থৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীৰে প্ৰতিষ্ঠানৰ সন্মূখ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে হোষ্টেলৰ অভাৱত বহু ছাত্ৰ-ছাত্ৰীয়ে অত্যাধিক টকাৰে ব্যক্তিগত হোষ্টেলত থাকিব লগীয়া হৈছে। যাৰ ফলস্বৰূপে আৰ্থিকভাৱে দূৰ্বল ছাত্র-ছাত্ৰীৰ জীৱনলৈ অশান্তি নামি আহিছে। হয়তো এনেবোৰ কাৰণতে কেতিয়াবা তেওঁলোকৰ শিক্ষালাভৰ সপোনো চূৰ্ণ-বিচূৰ্ণ হ’বলৈ ওলায়। ২০১৭ চনতে স্থাপন হোৱা এই প্ৰতিষ্ঠান খনৰ আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল চৌহদৰ দেৱাল নিৰ্মাণ কাৰ্যও৷ আনফালে প্ৰতিবাদ স্থলীতেই প্ৰতিষ্ঠান খনৰ অধ্যক্ষ গৰাকীৰ অনিয়মীয়া উপস্থিতিৰো অভিযোগ উত্থাপিত হৈছে। সম্প্ৰতি প্ৰতিষ্ঠান খনৰ হোষ্টেল গৃহ সমূহ জংঘলে আগুৰি জয়াল কৰি তুলিছে। এশ এবুৰি সমস্যাৰে জৰ্জৰিত এই প্ৰতিষ্ঠান খনৰ সমস্যা সমূহৰ সমাধানৰ দাবীত প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ-ছাত্ৰীৰ বাবে শীঘ্ৰে আবাস-নিবাসৰ ব্যৱস্থা কৰক, পুথিভৰালত পৰ্যাপ্ত পৰিমাণৰ গ্ৰন্থৰ ব্যৱস্থা কৰক, চৌহদৰ দেৱালৰ ব্যৱস্থা কৰক আদি শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷