টংলা জলসিঞ্চন সংমণ্ডলৰ কাৰ্য্যালয় বিলুপ্তি কৰণৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠণৰ অৱস্থান ধৰ্মঘট

83

টংলা জলসিঞ্চন সংমণ্ডলৰ কাৰ্য্যালয় বিলুপ্তি কৰণৰ প্ৰতিবাদত বিভিন্ন দল-সংগঠণৰ অৱস্থান ধৰ্মঘট

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান, ১২ ছেপ্তেম্বৰঃ বিটিচি চৰকাৰৰ জলসিঞ্চন বিভাগৰ ফালৰ পৰা জাৰী হোৱা এখন বিশেষ জাননীয়ে এতিয়া তোলপাৰ লগাইছে বিটিআৰ অঞ্চলত । জাননীখনত বিটিআৰত থকা ১৬ টাকৈ জলসিঞ্চন বিভাগ সংমণ্ডলৰ কাৰ্য্যালয়ৰ ৮ টাকৈ কাৰ্য্যালয় বিলুপ্তি কৰণ কৰিবলৈ ওলোৱাত ক্ষুণ্ণ হৈ পৰিছে বিটিআৰ ঠিকাদাৰ সন্থাকে ধৰি আছু, আৰছু, এবছু, আছা, আক্ৰাছু লগতে বিভিন্ন দল-সংগঠন । আজি ওদালগুৰি জিলাৰ টংলাস্থিত ১৯৭৫ চনতে স্থাপন কৰা জলসিঞ্চন বিভাগৰ সংমণ্ডলৰ কাৰ্য্যালয় বিলুপ্তি কৰণ কৰাৰ বাবে টংলা চহৰত আছু , আৰছু , এবছু, আছা, আক্ৰাছুকে ধৰি বিভিন্ন দল সংগঠনৰ লগতে টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাই টংলা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণৰ প্ৰতিবাদ কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখযোগ্য যে , ১৯৭৫ চনতে স্থাপিত এই জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়টোৱে কৃষি প্ৰধান টংলাৰ বৃহত্তৰ অঞ্চলৰ কৃষি ভূমিত বিগত সময়চোৱাত পানীৰ সেৱা আগবঢ়াই আহিছে আৰু বহুতো শিক্ষিত নিবনুৱাক উপাৰ্জনৰ বাট মুকলি কৰি আহিছে , যাৰ ফলত স্থানীয় ৰাইজ তথা বিভিন্ন দল সংগঠনে অসম তথা বিটিচি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ ভাষাৰে গৰিহণা দিছে । টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ সভাপতি ডঃ হৰিৰাম দাসে আঁত ধৰা অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীত টংলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই অংশগ্ৰহণ কৰি অসম তথা বিটিচি চৰকাৰৰ বিটিআৰত অন্তৰ্গত ৮ টা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণ সিদ্ধান্তক সমালোচনা কৰি কয় যে , চৰকাৰৰ টংলা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণ কাৰ্য্যক কেতিয়াও সহ্য কৰা নহব আৰু চৰকাৰে অনাগত সময়ত টংলা ৰাইজৰ ভোট বিচাৰি আহিলে মুখ থেকেচা খাব লাগিব । নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত টংলাক উন্নয়নৰ জখলাত বগোৱাম বুলি ভুৱা প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খনে নিৰ্বাচনৰ পিছত টংলাৰ বাবে নতুন আঁচনি গ্ৰহণ কৰাৰ বিপৰীতে বহু বছৰৰ পৰা টংলাস্থিত জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰণ কৰিব বিচাৰিছে বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে টংলা ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাই । আনফালে , প্ৰতিবাদী ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক , শিক্ষাবিদ , জ্যেষ্ঠ নাগৰিক বিনয় কুমাৰ মেধি , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উপসভাপতি নীলয় চলিহা , ওদালগুৰি জিলা সমিতি কোচ ৰাজবংশী ছাত্ৰ সন্থা(পশ্চিম)ৰ সভাপতি হেমন্ত বৰা কোচ, আছা, টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ বিষয়ববীয়া সকল, টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীৱন ৰাভা, ৰাভা গণ ঐক্য মঞ্চৰ সভাপতি জয়ন্ত ৰাভা, টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ডোং বান্ধ সমিতি, টংলা আঞ্চলিক ছাত্ৰ সন্থা আদিৰ লগতে বিভিন্ন দল সংগঠন ।