দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই শতাধিক গাঁৱ বানৰ কবলত

125

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দুই শতাধিক গাঁৱ বানৰ কবলত

দুৰ্নীতিৰ দৰ্পণ সেৱা , মানকাচৰ,৩১ আগষ্ট : বিপদসীমাৰ ৩৪ ছেন্টিমিটাৰ ওপৰেৰে বৈছে বানৰ পানী । নিৰাপদ স্থানলৈ ঢাপলি মেলিছে বানাক্ৰান্ত লোক বানৰ মাজতেই দক্ষিণ শালমাৰাৰ মাটিফাটা-চতলাৰপাৰত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া । প্ৰতিদিনে আশ্ৰয়হীন ৩০ টাতকৈ অধিক পৰিয়াল ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো আজি প্ৰায় দুই শতাধিক গাওঁ বানৰ কবলত পৰিছে । আজি পুৱা ৮ বজালৈ জিলাখনত বানৰ পানী ব্ৰহ্মপুত্ৰ নদীৰ বিপদসীমাৰ ৩৪ ছেণ্টিমিটাৰ ওপৰেৰে বৈ থকাৰ বাবে জিলাখনত প্ৰায় লক্ষাধিক লোক বানৰ কবলত পৰিছে । বিশেষকৈ মানকাচৰ ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা বৰাইৰ আলগা,শিশুমাৰা, নিলোখীয়া, সুখচৰ, ফুলেৰচৰ, মালিৰ আলগা, মলাখোৱা, গোটাবাৰী আদি গাওঁ পঞ্চায়ত এলেকা বানৰ কবলত পৰাৰ লগতে দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ অধীনত থকা হাজিৰহাট,পাটাকাটা, মনিৰচৰ, মহুৰীৰচৰ, টুমনি, শালকাটা, দক্ষিণ শালমাৰাকে ধৰি জিলাখনৰ প্ৰায় ২৫ খন গাওঁ পঞ্চায়ত এলেকা বানৰ কবলত পৰিছে । এই এলেকা সমূহত থকা একাংশ শিক্ষানুষ্ঠান,চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ো বানৰ পানীয়ে জলমগ্ন কৰি ৰাখিছে । ইফালে , বানৰ কবলত পৰা লোক সকলৰ একাংশই নিৰাপদ স্থান বিচাৰি ওখ ঠাই,মথাউৰী, চৰকাৰী প্লেটফৰ্ম আদি স্থানত আশ্ৰয় লবলৈ আৰম্ভ কৰিছে । আন একাংশ জনে কোনোমতে ঘৰৰ বিতৰতে চাং সাজি ঘৰতে আশ্ৰয় লৈ আছে । আনহাতে , ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট বৃদ্ধি পোৱাৰ লগে লগে বানৰ মাজতে ঠায়ে ঠায়ে চলি আছে গৰাখহনীয়া । নৈপৰীয়া লোক সকলে বানৰ মাজতে গৰাখহনীয়াৰ কবলত পৰি আশ্ৰয়হীন হৈ পৰিছে । দিশ বিদিশ হেৰুৱাই পেলাইছে খহনীয়াগ্ৰস্থ লোক । বানৰ মাজত কত যাব , কি কৰিব তাৰ ঠিকনা বিচাৰি পোৱা নাই এই সকল খহনীয়াগ্ৰস্থ পৰিয়ালে । বিশেষকৈ দক্ষিণ শালমাৰাৰ মাটিফাটা, চতলাৰপাৰাত প্ৰতিদিনে ৩০ টাতকৈ অধিক পৰিয়াল খহনীয়াৰ কবলত পৰিছে । কিন্তু উদ্ধাৰৰ বাবে এতিয়ালৈ কোনো চৰকাৰী সুবিধা প্ৰদান কৰা হোৱা নাই এই সকল ভূক্তভূগী পৰিয়ালক । ইতিমধ্যে মাটিফাটা ঐতিহাসিক বজাৰখন খহনীয়াৰ কবলত পৰাত বজাৰখন স্থানান্তৰ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে স্থানীয় ৰাইজে । কিন্তু আশ্ৰয়হীন হৈ পৰা লোকৰ বাবে নাই নিৰাপদ স্থান ।