নগৰবেৰাৰ ৰঙাপানীত বানপানীয়ে খহাই নিলে গড়কাপ্তানী পথ,বিপদসংকুল যাতায়ত

104

নগৰবেৰাৰ ৰঙাপানীত বানপানীয়ে খহাই নিলে গড়কাপ্তানী পথ,বিপদসংকুল যাতায়ত

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা , ৯ ছেপ্তেম্বৰঃ কামৰূপ জিলাৰ ৪৮ নং বকো বিধান সভা সমষ্টিৰ ৪৬ নং ৰঙাপানী গাও পঞ্চায়তৰ অন্তৰ্গত বদলাৰ পৰা সোনতলীলৈ যোৱা গড়কাপ্তানী পথটো যোৱা বানপানীত কেইবা ঠাইত খহাই নিয়াৰ ফলত যাতায়তৰ নামত যমৰ-যাতনাত ভুগিছে ৰাইজে । বৃহত্তৰ অঞ্চলটোৰ ব্যৱসায় বাণিজ্য , অফিচ কাছাৰী আদি কামত গুৱাহাটী লৈ যোৱা একমাত্ৰ সদ্যব্যস্ত ৰাজপথটো বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি ছিঙি যোৱাত গাড়ী মটৰ আহযাহ কৰাত অসুবিধাৰ সন্মুখীন হৈছে । তিনি চাৰি মাহ পূৰ্বে নিৰ্মাণ কৰা গড়কাপ্তানী পথটো বানে খহাই নিয়াত গাড়ী চালক সকলে বিপদসংকুল যাতায়ত কৰিবলগীয়া হৈছে । জানিব পৰা মতে , উক্ত ঠাইত প্ৰতি বছৰে বানপানীয়ে খহাই নিয়ে , উক্ত ঠাইত এখন বক্স কালৰ্ভাট নিৰ্মাণ কৰাৰ বাবে দাবী উত্থাপন কৰে একাংশ ৰাইজে । বিভাগীয় কৰ্তৃপক্ষক শীঘ্ৰেই সদ্যব্যস্ত ৰাজপথ মেৰামতি কৰি যাতায়তৰ বাবে সুচল কৰি দিয়াৰ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় সচেতন ৰাইজে ।