পাগলাদিয়াৰ খহনীয়া প্ৰতিৰোধ পাহাৰপুৰৰ ৰাইজৰ

117

পাগলাদিয়াৰ খহনীয়া প্ৰতিৰোধ পাহাৰপুৰৰ ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক , তামুলপুৰ, ৫ ছেপ্তেম্বৰঃ ভাৰত-ভুটান সীমান্তৰ এক নং পাহাৰপুৰত পাগলাদিয়া নদীৰ খহনীয়াই বৃহত্তৰ পাহাৰপুৰ অঞ্চলৰ ৰাইজক বিড়ম্বনা কৰি আহিছে ৷ ২০০৪ চনৰ পৰাই পাগলাদিয়াৰ বাঢ়নী পানীয়ে তীব্ৰৰূপ ধাৰন কৰি খহনীয়াৰ সৃষ্টি কৰি নৈপৰীয়া লোক সকলৰ ঘৰ দুৱাৰ উটুৱাই নিয়াৰ লগতে খেতিমাটিৰ যথেষ্টখিনি ক্ষতিসাধন কৰি আহিছে ৷ ইতিমধ্যেই পাহাৰপুৰ অঞ্চলৰ গাঁৱকেইখনৰ জনসাধাৰণক পাগলাদিয়াৰ বানে খহনীয়াৰ সৃষ্টি কৰি ভাবুকি কঢ়িয়াই অনাত স্থানীয় সমাজকৰ্মী খাদেচ দৈমু মছাহাৰীৰ সবল নেতৃত্বত আৰু ৰাইজৰ সহযোগত অঞ্চলটোৰ ৰাইজৰ কিছু সকাহ দিবলৈ সক্ষম হয় ৷ নদীখনৰ খহনীয়া প্ৰতিৰোধ কৰাৰ কাৰনে এক নং পাহাৰপুৰকে ধৰি লেব্ৰা শান্তিপুৰ, কালঝাৰ ,ঝাৰাবাৰী, খৈৰাখুটি, বালিবুন আদিৰ ৫০ টা মান পৰিয়াল ইতিমধ্যেই পাগলাদিয়াৰ খহনীয়াৰ কৱলত পৰি ঘৰবাৰী হেৰুৱাই ঠিকনা সলনি কৰিবলগীয়া হৈছে ৷ ফলত এই পঞ্চাশটা পৰিয়াল আজি গেৰেজলাইনৰ জিয়ং পাহাৰত বসবাস কৰি আছে ৷ এইক্ষেত্ৰত কাদেচ দৈমু মছাহাৰীৰ সহায়ৰ হাত আগবঢ়াইছিল ৷ ইপিনে , পাগলাদিয়াৰ খহনীয়া প্ৰতিৰোধৰ কাৰনে এক স্থায়ী ব্যৱস্থা হাতত লবলৈ গাঁওকেইখনৰ দুখীয়া ৰাইজ লগলাগি ইয়াৰ এটি সমাধান বিচাৰি অঞ্চলটোৰ নেতৃত্ব দিব পৰা লোক কাডেচ দৈমু মছাহাৰীক সভাপতি আৰু তেজবাহাদুৰ চেত্ৰীক সম্পাদক হিচাবে লৈ বিগত ২০১৬ চনত এখন পাটকীজুলি আঞ্চলিক বান্ধ-খহনীয়া সমিতি গঠন কৰি নদীখনৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লৈ আহিছে ৷ সম্প্ৰতি এই সমিতি খনৰ তত্বাৱধানত পাগলাদিয়াৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ শিলৰ বান্ধ দিয়াৰ লগতে গাৱঁকেইখনক খহনীয়াৰ কৱলৰ পৰা আঁতৰত ৰখাৰ কাৰনে এটি মথাউৰি সদৃশ বান্ধো দিয়া হৈছে ৷ এই কামত ৰাইজে সহায় সহযোগ কৰিছে ৷ গাঁৱকেইখনৰ ৰাইজ বৰ্তমান সন্তুষ্ট হৈছে যুৱ সমাজকৰ্মী কাডেচ দৈমু মছাহাৰীৰ কাম কাজকলৈ ৷ ৰাইজে পাগলাদিয়াৰ খহনীয়া ৰোধ কৰিবলৈ যি কাম হাতত লৈ পৰিয়াল সমুহক নদীখনৰ পৰা ৰক্ষনাবেক্ষন দিবলৈ সক্ষম হৈছে , তেনেক্ষেত্ৰত স্থানীয় ৰাইজে সমাজকৰ্মী কাডেচক লৈ উৎফুল্লিত হোৱা দেখা গৈছে ৷ ৰাইজে কাডেচক জনপ্ৰতিনিধি হিচাবে চাব বিচাৰে ৷ সংবাদ মাধ্যমৰ আগতো ৰাইজে প্ৰকাশ কৰে যে , আগন্তুক উপ নিৰ্বাচনত এই গৰাকী ৰাইজৰ সেৱক কাডেচ দৈমু মছাহাৰীক দলীয় টিকত দি বিধান সভাৰ মজিয়ালৈ পঠাব লৈ ইউ পি পি এল দলক আহ্বান জনায় ৷