পূজা প্ৰাৰ্থনাৰ বাবে এখন মন্দিৰ বিচাৰি চৰকাৰলৈ গাওঁবাসীৰ আবেদন

82

পূজা প্ৰাৰ্থনাৰ বাবে এখন মন্দিৰ বিচাৰি চৰকাৰলৈ গাওঁবাসীৰ আবেদন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৮ ছেপ্টেম্বৰঃ ডবকাৰ এখন গাৱৰ ৰাইজে পূজা প্ৰাৰ্থনা কৰিবলৈ নাই কোনো মন্দিৰ ৷ এখন মন্দিৰৰ বাবে হাহাকাৰ ডবকাৰ আকাশী গংগা গাওঁ পঞ্চায়তৰ দীঘল জাৰুনী গাৱৰ ৰাইজ ৷ বৃহত্তৰ গাওঁ খনত পূজা কৰিবলৈ নাই কোনো নামঘৰ,মন্দিৰ ৷ অতি শীঘ্ৰে এখন মন্দিৰ যোগান ধৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্বশৰ্মা লৈ কাতৰ আহ্বান গাওঁ বাসীৰ ৷ দীঘল জাৰুনী গাওঁখনত বহু বছৰ পূৰ্বে এখন মন্দিৰ আছিল ৷ যদিও বন্য হস্তীয়ে ভাঙি চুৰ মাৰ কৰে মন্দিৰ খন ৷ গাওঁ খনত বসবাস কৰা অতি দৰিদ্ৰ আদিবাসী লোক সকলে পূজা পাৰ্থনা কৰিবলৈ বৰ্তমান ৰাজ্য চৰকাৰৰ পৰা বিছাৰিছে এখন মন্দিৰ ৷ এতিয়া ৰাজ্য চৰকাৰে এই অসহায় লোক সকলৰ আবেদন গ্ৰহণ কৰিব নে নাই , সেয়া সময়ত হব লক্ষনীয় ৷