বঙাইগাঁৱৰ সন্তোষপুৰ দ্বিতীয় খণ্ডত আই নৈ আৰু মানাহ নৈৰ খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ

98

বঙাইগাঁৱৰ সন্তোষপুৰ দ্বিতীয় খণ্ডত আই নৈ আৰু মানাহ নৈৰ খহনীয়াত দিশহাৰা নৈপৰীয়া ৰাইজ

ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান , ১১ ছেপ্তেম্বৰঃ নেদেখা জনেই ওচৰত শেষ ভৰষা হৈ পৰিছে বঙাইগাঁও বাসীৰ । খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সমূহীয়া দোৱাৰ আয়োজন কৰিছে বঙাইগাঁও বাসী ৰাইজে । আই নৈ আৰু মানাহ নৈ যেন অভিশাপ হৈ পৰিছে উত্তৰ অভয়াপুৰী বাসীৰ বাবে ৷ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত সন্তোষপুৰ দ্বিতীয় খণ্ডত আই নৈ আৰু মানাহ নৈৰ ভয়ংকৰ খহনীয়া অব্যাহত থকাৰ বাবে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । বিগত ১০ দিনে বিঘাই বিঘাই কৃষিভূমি সহ প্ৰায় ১৫ টা কৈ পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হৈছে । নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম হৈছে সন্তোষপুৰ দ্বিতীয় খণ্ড মেওৱা মছজিদ । তাৰ পিছতো খহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা লোৱা নাই জিলা প্ৰশাসনৰ লগতে জন-প্ৰতিনিধিয়ে । উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নৈ-পৰীয়া ৰাইজে নৈৰ পাৰত সমূহীয়া দোৱাৰ আয়োজন কৰি স্থানীয় বিধায়ক,সাংসদ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনায় ৷