বিদ্যুৎ বিভাগক বিকলাঙ্গ বিভাগ আখ্যা শ্ৰীৰামপুৰৰ ৰাইজৰ 

88

বিদ্যুৎ বিভাগক বিকলাঙ্গ বিভাগ আখ্যা শ্ৰীৰামপুৰৰ ৰাইজৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও, ৭ আগষ্টঃ গোসাঁইগাঁও মহকুমাৰ ধুবুৰী-কচুগাওঁ গড়কাপ্তানী পথৰ শ্ৰীৰামপুৰত অনিয়মীয়া বিদ্যুত যোগানৰ প্ৰতিবাদত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্থ কৰে৷শনিবাৰে দিনৰ এঘাৰ বজা মানত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ডি কে ৰোডৰ শ্ৰীৰামপুৰত স্থানীয় ৰাইজে দিনত প্ৰায় ২০ ঘন্টাকৈ বিদ্যুৎ কৰ্তনৰ অভিযোগ উত্থাপন কৰি পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ দীৰ্ঘ দিনৰ পৰা সঘনাই বিদ্যুৎ কৰ্তনৰ প্ৰতিবাদত শনিবাৰে ৰাইজে পথ অৱৰোধ কৰি বিমল বৰা হায় হায়, বিদ্যুৎ মন্ত্ৰী মুৰ্দবাদ, ন ইলেক্ট্ৰিচিটি ন বিল, বিদ্যুৎ যোগান নিয়মীয়া কৰক আদি শ্লোগানেৰে মুখৰিত কৰি পৰিস্থিতি উত্তাল কৰি তোলে৷ আধঘণ্টা সময় ধৰি চলা উক্ত পথ অৱৰোধ কাৰ্যসূচীত ৰাইজে অভিযোগ কৰে যে দীৰ্ঘদিনৰ পৰা শ্ৰীৰামপুৰ এলেকাত বিদ্যুৎ অনিয়মীয়াকৈ যোগান ধৰা হৈছে যদিও বিভাগে কোনো গুৰুত্ব দিয়া নাই৷ উৎকট গৰমত দিনত ২০ ঘন্টাকৈ বিদ্যুৎ নাথাকে যদিও সৰ্বসাধাৰণ ৰাইজে বিদ্যুৎ মাচুল নিয়মিতভাৱে ভৰিব লগা হৈছে ৷ ইপিনে বিভাগৰ বিষয়াসকলেও কোনো গুৰুত্ব প্ৰদান নকৰে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে। সেয়ে তেওঁলোকে বিদ্যুৎ বিভাগক বিকলাঙ্গ বিভাগ বুলি আখ্যা দিয়ে৷ ইয়াৰ পাছতো নিয়মীয়া বিদ্যুৎ যোগান নহলে অনাগত দিনত শ্ৰীৰামপুৰত তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি স্থানীয় ৰাইজে হুংকাৰ দিয়ে ৷