বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদ মেল , ৭৫০ টা খহনীয়াগ্ৰস্ত পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ দিয়াৰ দাবী , আন্দোলনৰ হুংকাৰ

198

বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সংবাদ মেল , ৭৫০ টা খহনীয়াগ্ৰস্ত পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ দিয়াৰ দাবী , আন্দোলনৰ হুংকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা,বিশ্বনাথ,২৮ আগষ্ট: বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭৫০ টা খহনীয়াগ্ৰস্ত পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ দিয়াৰ দাবীত আজি এখন সংবাদ মেল আয়োজন কৰে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিশ্বনাথ জিলা সমিতিয়ে । সংবাদ মেলত পৰিষদে বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বান-খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰী ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বিষয়ৰ প্ৰসংগ উল্লেখ কৰে । বিগত ১৯৯৯ চনৰ পৰা বৰ্তমানলৈকে উক্ত ৰাজহ চক্ৰৰ বিশ্বনাথ সমষ্টিৰ মুঠ ১৭৪৩ বিঘা ১ কঠা ১ লোচা ভূমি নদীৰ বুকুত জাহ যোৱাৰ লগতে ৭৫০ টাকৈ পৰিয়াল খহনীয়াগ্ৰস্ত হোৱাৰ কথা সদৰী কৰে । উল্লেখ্য যে ,সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত ন-দুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জনোৱা আৱেদনত ৰাজহ চক্ৰ বিষয়াই চৰকাৰী তথ্য অনুযায়ী ৭৫০ টা পৰিয়াল বান-খহনীয়াত সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰে । এই ৭৫০ টা পৰিয়ালক এতিয়া লৈকে চৰকাৰী ভাৱে কোনো ধৰনৰ ক্ষতিপূৰণ বা পুনৰসংস্থাপন নিদিয়াক লৈ সংগঠনটোৱে সংবাদ মেলত সৰৱ হৈ পৰে । অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰা সত্বেও বিষয়টোত কোনো ধৰনৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি সংগ্ৰাম পৰিষদৰ বিষয়ববীয়া সকলে উল্লেখ কৰে যে , পুনৰ সংস্থাপন দুৰৰে কথা খহনীয়াগ্ৰস্ত লোক সকলক এতিয়া লৈকে চৰকাৰী ভাৱে কোনো প্ৰমাণ পত্ৰৰো যোগান ধৰা হোৱা নাই । ৭৫০ টাকৈ গৃহহীন হোৱা এই পৰিয়াল কেইটাৰ খৱৰ ল’বলৈ ৰজাঘৰীয়া সকলৰ সময় নাই । অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ , আমছু , জমিয়ত , নেমছুকে আদি কৰি বিভিন্ন দল সংগঠনে অসম চৰকাৰক দাবী জনোৱাৰ পিছতো কিয় আজি লৈকে এই বিষয়ে গুৰুত্ব আৰোপ কৰা নহ’ল বুলি সংবাদ মাধ্যমত প্ৰশ্ন উত্থাপন কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে । অতি শীঘ্ৰেই সংখ্যালঘু সংগ্ৰাম পৰিষদে ভূক্তভোগী ৭৫০ টা পৰিয়ালৰ চৰকাৰী ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ বিষয়টো লৈ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰে । লগতে বিশ্বনাথৰ‌ বান-খহনীয়া সমস্যা , খহনীয়াগ্ৰস্তৰ প্ৰমাণ পত্ৰ যোগান ধৰা , কাজিৰঙা ষষ্ঠ সংযোজনাৰ সঠিক সীমা নিৰ্ধাৰণ আদি কেতবোৰ সমস্যা সন্দৰ্ভত অচিৰেই সংগঠনটোৱে বিশ্বনাথত এক ভয়াবহ গণ বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে উল্লেখিত সমস্যা সমাধানৰ বাবে চৰকাৰ বিৰোধী প্ৰতিবাদত নামিব বুলি হুংকাৰ প্ৰদান কৰে । এই সংবাদ মেলত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ, বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ,সাধাৰণ সম্পাদক আব্দুল ৰহমানৰ উপৰিও পৰিষদৰ অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে ।