বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ

290

বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ

বোকাখাতৰ পৰা পলিমা চেতিয়া বসুমতাৰী , ৯ জুলাই : গোলাঘাট জিলা ছাত্র সন্থাৰ আহ্বান মৰ্মে বোকাখাত মহকুমা ছাত্ৰ সন্থাই আজি বোকাখাত নগৰৰ মাজ মজিয়াত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাইছে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য ৷ সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ মৰা এই বৃদ্ধি নিয়ন্ত্ৰণ কৰাত সমুলঞ্চে ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰ খনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে বোকাখাত মহকুমা ছাত্ৰ সন্থাই ৷ যোগান বিভাগ হায় হায়, বিজেপি গ’বেক , যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক আদি শ্ল’গান দি আজি বোকাখাতৰ আকাশ বতাহ কঁপাই তুলিলে বোকাখাত মহকুমা ছাত্ৰ সন্থাই । বোকাখাত মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গীতাৰ্থ শইকীয়া, মহকুমা ছাত্র সন্থাৰ দ্বীপ ঠাকুৰীয়া, জিতেন বৰাৰ লগতে আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া উপস্থিত থকা এই প্ৰতিবাদী কায্যসূচীত উপস্থিত সকলোৱে যোগান বিভাগৰ কাম-কাজত অসন্তুষ্টি প্ৰকাশ কৰে ৷ এটা অতিকে গুৰুত্বপূৰ্ণ চৰকাৰী এই বিভাগটোৱে বজাৰৰ ওপৰত সুতীক্ষ্ণ দৃষ্টি ৰাখি যি নিয়ন্ত্ৰণ ৰাখিব লাগে সেই নিয়ন্ত্ৰণ ৰাখিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততেই অসাধু ব্যৱসায়ী সকলে ইয়াৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি সাম্প্ৰতিক দু:সময়ৰ মাজতো সৰ্বসাধাৰণ ৰাইজক জ্বলা-কলা খুওৱাৰ বিষয়ত ক্ষোভ প্ৰকাশ কৰাৰ লগতে মূল্যবৃদ্ধি ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰো দাবী কৰে ৷ তেওঁলোকে মুখ্যমন্ত্ৰী গৰাকীয়ে অতি সোনকালে যোগান বিভাগটোক নিজৰ আয়ত্তলৈ আনি কাৰ্যক্ষম কৰি তোলাৰ সমান্তৰালভাৱে অসাধু ব্যৱসায়ীক নাকী লগাবৰ বাবেও দাবী জনায়।