ভাৰত চৰকাৰৰ “সাক্ষৰ ভাৰত আচঁনিৰ” ৩৭৭৫ কৰ্মচাৰী উপেক্ষিত , ১৬ মাহৰ পাৰিতোষিকৰ পৰা বঞ্চিত , মৰিগাঁও জিলা সাক্ষৰ ভাৰত প্ৰেৰক কৰ্মচাৰী সন্থাৰ সংবাদ মেল

204
ভাৰত চৰকাৰৰ “সাক্ষৰ ভাৰত আচঁনিৰ” ৩৭৭৫ কৰ্মচাৰী উপেক্ষিত , ১৬ মাহৰ পাৰিতোষিকৰ পৰা বঞ্চিত , মৰিগাঁও জিলা সাক্ষৰ ভাৰত প্ৰেৰক কৰ্মচাৰী সন্থাৰ সংবাদ মেল
ভাৰত চৰকাৰৰ “নতুন ভাৰত শিক্ষা কাৰ্যক্ৰম” শীৰ্ষক আচঁনিত “সাক্ষৰ ভাৰত” আচঁনিৰ কৰ্মচাৰী সকলক নিয়োগ কৰিবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীলৈ
ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৯ আগষ্ট : ভাৰত চৰকাৰৰ “নতুন ভাৰত শিক্ষা কাৰ্যক্ৰম” শীৰ্ষক আচঁনিত ২০১৮ চনতে অসম চৰকাৰে বন্ধ কৰি দিয়া “সাক্ষৰ ভাৰত” আচঁনিত ৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট হৈ থকা কৰ্মচাৰী সকলক পুনৰ নিয়োজিত কৰাৰ দাবী জনাইছে কালি মৰিগাঁও জিলা সাক্ষৰ ভাৰত প্ৰেৰক কৰ্মচাৰী সন্থাই । কালি মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰেক্ষাগৃহত সংবাদ মেল সম্বোধন কৰি সন্থাটোৱে কয় যে-সমগ্ৰ দেশতে ১৫ বছৰৰ ওপৰৰ প্ৰাপ্তবয়স্ক নিৰক্ষৰ পুৰুষ আৰু মহিলাসকলক সাক্ষৰ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ২০০৯ চনৰ ৮ ছেপ্টেম্বৰত “সাক্ষৰ ভাৰত” শীৰ্ষক এক অভিলাষী আচঁনি গ্ৰহণ কৰিছিল । কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰ্যৰ লগতে অসমৰ মৰিগাঁও জিলাকে ধৰি মুঠ ১২ খন জিলাত উক্ত আচঁনি আৰম্ভ কৰে । সাক্ষৰ ভাৰত আচঁনি খনৰ জৰিয়তে মৰিগাঁৱত ১৮০ জন কৰ্মচাৰীৰ লগতে ৰাজ্যিক পৰ্যায়ত ৪ জনকৈ সমন্বয়ককে ধৰি আচঁনি খনৰ বিভিন্ন পদত মুঠ ৩৭৭৫ গৰাকী সাক্ষৰ ভাৰত কৰ্মচাৰী নিয়োগ কৰি শিক্ষা বিভাগৰ তৰফৰ পৰা আচঁনি খন সুকলমে পৰিচালনা কৰিছিল । আচঁনি খনত নিয়োগ কৰা ৰাজ্যিক সমন্বয়ক , জিলা সমন্বয়ক আৰু খণ্ড সমন্বয়কৰ বিপৰীতে মাহিলী ৬০০০ টকাকৈ আৰু প্ৰতি গৰাকী গাঁও পঞ্চায় প্ৰেৰকৰ বিপৰীতে ২০০০ টকাকৈ পাৰিতোষিক প্ৰদান কৰিছিল যদিও ভৱিষ্যতে পূৰ্ণ পৰ্যায়ত চৰকাৰীকৰণ হোৱাৰ আশাত পূৰ্ণদ্যোমে নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰাৰ বাবে কৰ্মচাৰী সকলে মনোনিবেশ কৰিছিল । পৰিতাপৰ বিষয় এইয়ে যে- অসম চৰকাৰে ২০১৮ চনৰ ৩১ মাৰ্চৰ পৰা এই আচঁনিত নিয়োগ হৈ থকা কৰ্মচাৰী সকলৰ মাহিলী পাৰিতোষিকৰ বাবে অসম চৰকাৰ দায়বদ্ধ নহয় বুলি এক জাননীৰ জৰিয়তে ভাৰত চৰকাৰৰ আচঁনি খন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে । কিন্তু ২০১৮ চনৰ ৩১ মাৰ্চৰ আগলৈ মৰিগাঁও জিলাত সাক্ষৰ ভাৰত আচঁনিৰ কৰ্মচাৰী সকলে মাহিলী পাৰিতোষিক অনাদায় হৈ থকাত কৰ্মচাৰী সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । গতিকে , ভাৰত চৰকাৰৰ “নতুন ভাৰত শিক্ষা কাৰ্যক্ৰম” শীৰ্ষক আচঁনিত ২০১৮ চনতে অসম চৰকাৰে বন্ধ কৰি দিয়া “সাক্ষৰ ভাৰত” আচঁনিত ৮ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট হৈ থকা কৰ্মচাৰী সকলক পুনৰ নিয়োজিত কৰি দুখীয়া পৰিয়াল কেইটাক স্থায়ী ভাৱে এক কৰ্মসংস্থাপন দিবলৈ মৰিগাঁও জিলা সাক্ষৰ ভাৰত প্ৰেৰক ও কৰ্মচাৰী সন্থাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে শিক্ষামন্ত্ৰী আৰু কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন বিভাগৰ মন্ত্ৰীলৈ সংবাদ মেলৰ জৰিয়তে অনুৰোধ জনায় । কালি সংবাদ মেলত সংগঠনটোৰ উপ-সভাপতিদ্বয় অচিন্ত বৰুৱা আৰু জয়নাল আৱেদিন , সাধাৰণ সম্পাদক ৰামপ্ৰসাদ সৰকাৰ আৰু সংগঠনটোৰ অন্যতম সাধাৰণ সদস্য পদুম ভৰালীৰ লগতে কেইবাজনো বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ।