মানকাচাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি , সাংবাদিকৰ কেমেৰা দেখি পলায়ন দালালৰ

80

মানকাচাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি , সাংবাদিকৰ কেমেৰা দেখি পলায়ন দালালৰ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ১৫ ছেপ্টেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পিছতো মানকাচাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত অব্যাহত আছে দালালৰ দপদপনি । সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে দালাল । প্ৰাপ্ত অভিযোগ অনুসৰি , মানকাচাৰৰ ভুৰাকাটা গাৱঁৰ আবুল কালাম নামৰ এজন লোকৰ ১১৪ নং পাট্টাৰ ১৭৪/১৯৮ নং দাগৰ প্ৰায় ১৪ কঠা ভেটি-মাটি উক্ত গাৱঁৰ আতাবুল ইছলাম নামৰ এজন লোক আৰু তেওঁৰ ভাতৃক গোপনীয় ভাৱে আবুল কালামৰ নাম কাটি দি তেওঁৰ ভায়েক বাবুল মিঞাৰ নামত নামজাৰী কৰে।আনহাতে , উক্ত খবৰ লাভ কৰি প্ৰকৃত মাটিৰ মালিক তথা স্বতাধিকাৰী আবুল কালাম নামৰ লোক জনে মানকাচৰ ৰাজহ চক্ৰ কাৰ্যালয়ত এখন লিখিত অভিযোগ দাখিল কৰে । ইফালে , মঙ্গলবাৰে শুনানীৰ দিনাখন দুয়োপক্ষৰ মাজত অলপ কাজিয়াৰ সূত্ৰপাত হয় যদিও সাংবাদিকৰ কেমেৰা দেখি আতাবুল ইছলাম নামৰ লোক জনে পলায়ন কৰে । ইপিনে , আতাবুল ইছলাম নামৰ লোক জন উক্ত গাৱঁৰ ভুৰাকাটা এল পি স্কুলৰ এজন শিক্ষক হয় ৷ চৰকাৰী স্কুলৰ শিক্ষক হৈ এনেদৰে মানকাচাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি মাটিৰ দালালি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । লক্ষ্যণীয় যে,চৰকাৰী স্কুলৰ শিক্ষক আতাবুল ইছলামৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱাৰ লগতে প্ৰকৃত মাটিৰ মালিক আবুল কালামৰ নামত উক্ত মাটিত নাম অন্তৰ্ভুক্ত তথা নামজাৰী কৰি দিয়াৰ বাবে প্ৰশাসন তথা চৰকাৰক দাবী জনাইছে ভুক্তভোগীয়ে।শেহতীয়াকৈ প্ৰশাসন তথা চৰকাৰে ইয়াৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে , সেয়া পৰৱৰ্ত্তী সময়ত হে হ’ব লক্ষ্যণীয় ।