মৰিগাঁৱত বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন , চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল মৰিগাঁও

196

মৰিগাঁৱত বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন , চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল মৰিগাঁও

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও, ৬ ছেপ্তেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ কাম বন্ধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্য খনৰ লগতে মৰিগাঁও জিলাতো আজি দিনৰ ভাগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ নেতৃত্বত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মূখত ৰূপায়ন কৰা ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে বৃহৎ নদী বান্ধ বন্ধ কৰক,মোদী চৰকাৰ হায়ঃ হায়ঃ, হিমন্ত চৰকাৰ গ’বেক, এন. এইচ. পি. চি. হুচিয়াৰ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে । সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে- উত্তৰ অসমৰ বিভিন্ন জিলাৰ লক্ষাধিক জনতাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বৃহৎ নদীবান্ধ কোনো কাৰণতে নিৰ্মান কৰিবলৈ দিয়া নহ’ব । উন্নয়নৰ নামত উত্তৰ অসমৰ মাজুলী,ধেমাজি,লক্ষীমপুৰকে ধৰি বিভিন্ন ঠাইৰ প্ৰাকৃতিক ভৌগোলিক সৌন্দৰ্য্য ধ্বংস কৰিব বৃহৎ নদী বান্ধে । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ দৰে এক বৃহৎ নদীবান্ধে আহি থাকিবলগীয়া দিনবোৰত যে অসমৰ বিস্তৃত অঞ্চলজুৰি এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হ’ব , সেই বিষয়ে নিশ্চিত হৈ সুদীৰ্ঘ দিনধৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে বুলি মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই মন্তব্য প্ৰকাশ কৰে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অসম যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ললিত চন্দ্ৰ পাচনি,গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ জিলা শিক্ষা সম্পাদক খলিলুৰ ৰহমানকে ধৰি সংগঠনটোৰ জিলা বিষয়ববীয়া সকলৰ লগতে আঞ্চলিক সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমূখ্যে বহু সদস্যই অংশ গ্ৰহণ কৰে ।