সোনতলীৰ ডেকাচাংত বিধ্বস্ত পকী পথ মেৰামতিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

24

সোনতলীৰ ডেকাচাংত বিধ্বস্ত পকী পথ মেৰামতিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ

দুৰ্নীতিৰ দৰ্পণ সেৱা, স্বাহ স্বাহিন জামান আহমেদ, নগৰবেৰা, ১০ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ সোনতলীৰ নতুন কাঠমীৰ পৰা ডেকাচাং বজাৰলৈ যোৱা গড়কাপ্তানী পকী পথত মেৰামতিৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। পথচোৱা ইমানে জ্বৰাজ্বীৰ্ন যে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাতৰ সৃষ্টি হৈছে। বিধ্বস্ত পথৰ বাবে নৰক যন্ত্রণা ভুগিবলগা হৈছে ৰাইজে। যাৰ বাবে আজি পথ মেৰামতিৰ দাবীত ৰাইজে ৰাজ পথতে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। ৰাস্তা আমাক লাগিবই , বিধ্বস্ত পকী পথ মেৰামতি কৰিব লাগিবই , আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানিব লাগিবই,আদি বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।জানিব পৰা মতে বিগত দহ বছৰে জ্বৰাজ্বীৰ্ন হৈ আছে পথচোৱা। পথচোৱা মেৰামতি কৰাৰ কাৰনে বিধায়িকা নন্দিতা দাসক বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। বিধ্বস্ত পথে জ্বলা- কলা খুৱাইছে ৰাইজক। পথচোৱা ইমানে বিধ্বস্ত নাযায় এম্বুলেন্স ।বিধ্বস্ত পথৰ বাবে এম্বুলেন্স সেৱাৰ পৰা বঞ্চিত হৈ আছে অঞ্চলবাসী ৰাইজে। বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু অৱহেলাৰ বাবে বিগত দহ বছৰে বিধ্বস্ত হৈ থকা পকী পথ মেৰামতি কৰাৰ বাবে কোনো ধৰনৰ ব্যবস্থা গ্রহণ নকৰিলে। যাৰ কাৰণে পকী পথ বিধ্বস্ত হৈ প্ৰকাণ্ড প্ৰকাণ্ড দ ঘাতৰ সৃষ্টি হৈছে। অচিৰেই বিধ্বস্ত পকী পথ মেৰামতি কৰিবলৈ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় ৰাইজে। এতিয়া প্ৰশ্ন হয় দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হোৱা বকোৰ বিধায়িকা নন্দিতা দাসৰ চকু পৰিবনে পথচোৱাত ।