হোজাই জিলাত বিশুদ্ধ খোৱা পানীৰ বৃহৎ সমস্যাৰ সমাধানৰ দাবী আমছুৰ 

79
হোজাই জিলাত বিশুদ্ধ খোৱা পানীৰ বৃহৎ সমস্যাৰ সমাধানৰ দাবী আমছুৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা,  হোজই , ২৩ আগষ্টঃ সোমবাৰে  আমছু হোজাই জিলা সমিতিৰ এটা সজাতি দলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ হোজাই জিলা উপ-সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা শ্ৰী অমল চন্দ্ৰ ভাগৱতী, অভিযন্তা বিপুল দাস, জামাল উদ্দিনৰ লগত নামডবকা পথাৰ, পূব বান্দৰমেলা, আকাশীগঙ্গা সহ হোজাই জিলাৰ বিভিন্ন অঞ্চলত বন্ধ হৈ থকা আৰু নতুনকৈ নিৰ্মাণ হবলগীয়া আঁচনি সম্পৰ্কে আলোচনা কৰি অনতি পলমে উক্ত আচনি সমূহ সক্ৰিয় কৰাৰ লগতে নতুন আঁচনি সমুহ পুনৰ  নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনায়৷ আমছুৱে উপস্থাপন কৰা সমস্যা সহকাৰী কাৰ্য্যবাহী অভিযন্তা শ্ৰী অমল চন্দ্ৰ ভাগৱতীয়ে গুৰুত্ব সহকাৰে লৈ বিভাগীয় কনিষ্ঠ অভিযন্তা সকলৰ লগত সমস্যা সম্পৰ্কে আলোচনা কৰে আৰু হোজাই জিলাৰ খোৱা পানীৰ সমস্যা সমাধান ক্ষেত্ৰত সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। উক্ত কাৰ্যসুচীত আমছুৰ হোজাই জিলা সভাপতি কবিৰ আহমেদ লস্কৰৰ লগতে অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।