হোজাই জিলাৰ পদুমণিত তিনি বছৰেও সম্পূৰ্ণ নহ’ল লোক নিৰ্মাণ বিভাগৰ ৰাস্তা নিৰ্মাণ

70

হোজাই জিলাৰ পদুমণিত তিনি বছৰেও সম্পূৰ্ণ নহ’ল লোক নিৰ্মাণ বিভাগৰ ৰাস্তা নিৰ্মাণ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ২৫ জুলাইঃ যিসময়ত চৰকাৰে সকলো বিভাগক সক্ৰিয় কৰি দক্ষতাৰে কাম কৰি থকাৰ দাবী কৰিছে , তেনে সময়ত হোজাই জিলাত লোকনিৰ্মাণ বিভাগৰ দ্বাৰা অৰ্ধনিৰ্মিত এটা ৰাস্তাকলৈ ৰাইজৰ মাজত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰায় তিনি বছৰ পূৰ্বে বিধায়ক উন্নয়ন পুজিৰ দ্বাৰা নিৰ্মাণ আৰম্ভ হোৱা ৰাস্তাটোৰ আজিলৈকে নিৰ্মাণ আজিলৈকে সম্পূৰ্ণ নহল । নিৰ্মীয়মাণ ৰাস্তাটোৰ এটা অংশকলৈ ৰাস্তাৰ সৃষ্টি হৈছে বিতৰ্কৰ । এটা কাষে থকা চৰকাৰী পুখুৰীয়ে ৰাস্তা খহাই পেলোৱাৰ ফলত ৰাস্তাটো আনটো কাষত থকা এজন মানুহৰ ম্যাদি পট্টাইদি গৈছে বুলি দাবী কৰিছে ৰাস্তাৰ কাষত থকা এজন গৃহস্থই । ফলত পুখুৰীৰ পানীত নতুন মাটি দি ৰাস্তা নিৰ্মাণ কৰিবলগীয়া হৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা মতে , ঠিকাদাৰজনে টকা বচাবলৈ নতুন মাটিৰ সলনি পুৰণি মাটিৰে ৰাস্তাটো নিব খুজিছে । কিন্তু স্থানীয় ৰাইজ তথা মাটিৰ মালিক এই কথাত মান্তি নহয় । ফলত সৃষ্টি হৈছে এক বিতৰ্কৰ আৰু ৰাস্তাৰ কামত বাধাৰ সৃষ্টি হৈছে । অভিযোগ মতে , বিধায়ক, ইঞ্জিনীয়াৰ কোনো উপস্থিত হৈ বিষয়টো সমাধানৰ চেষ্টা নকৰাৰ ফলত কষ্ট ভুগিছে স্থানীয় ৰাইজে । তিনি বছৰ ধৰি ৰাস্তা এটাৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাৰ ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ । উল্লেখযোগ্য যে , কিছুদিন পুৰ্বে এইটো ৰাস্তাই পানী আৱদ্ধ কৰি ৰখাৰ ফলত খেতিয়ক সকল প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছিল । স্থানীয় ৰাইজে সংবাদ মাধ্যমযোগে চৰকাৰলৈ আহ্বান জনাইছে , যাতে যিকোনো উপায়েৰে ৰাস্তাটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি চলাচলৰ উপযোগী কৰি দিয়ে যেন ।