ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে ছাত্র মুক্তিৰ মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন , চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰ ৰঙামাটি

106

ৰঙামাটিত টোলগেটৰ বিৰুদ্ধে ছাত্র মুক্তিৰ মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন , চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰ ৰঙামাটি

দুৰ্নীতিৰ দৰ্পণ সেৱা , দেৰগাঁও , ১২ ছেপ্টেম্বৰঃ দেৰগাঁৱৰ ৰঙামাটিত দ্ৰুতগতিত নিৰ্মাণৰ কাম চলি থকা টোলগেটৰ সমীপত ১১ চেপ্তেম্বৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদক জ্যোতিস্মান বৰাৰ নেতৃত্বত ৰূপায়িত হোৱা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ স্বতস্ফুটভাৱে ওলাই আহি মানৱ শৃংখলেৰে টোলগেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী সকলে হাতে হাতে বেনাৰ , প্লেকাৰ্ড লৈ কোনো পধ্যেই ৰঙামাটিত টোলগেট নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰাৰ লগতে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ৰঙামাটিৰ আকাশ বতাহ মুখৰিত কৰি তোলে । উল্লেখযোগ্য যে , কেইদিনমানৰ পূৰ্বে ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে দেৰগাঁৱত এক সংবাদ মেলৰ আয়োজন কৰি টোলগেটৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিছিল । সেই মৰ্মে সংগঠনটোৱে আজি প্ৰথমটো প্ৰতিবাদী কায্যসূচী ৰূপায়ণ কৰি চৰকাৰক কঠোৰ সকিয়নী প্ৰদাণ কৰে । সংগঠনটোৱে প্ৰয়োজন সাপেক্ষে জনমত বিৰোধী টোলগেট ভাঙি পেলোৱাৰো ভাবুকি দিছে । আজিৰ এই কাৰ্যসূচীত ছাত্ৰ মুক্তিৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি বিচিত্ৰ বৰাকে ধৰি দেৰগাঁও সমিতিৰ সাধাৰণ সম্পাদক ৰিতুৰাজ বৰুৱা , নাৰী মুক্তি সংগ্ৰাম সমিতিৰ দেৰগাঁও আঞ্চলিকৰ সভানেত্ৰী মমী বৰা আদি বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।